কাজিৰঙা, নৱেম্বৰ ৩: এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ অত্যাধুনিক  মৰণাস্ত্ৰ এ কে ৪৭ৰ গুলিত নিহত হল গঁড়৷ উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি আৰু চনক বন শিৱিৰৰ বনাঞ্চলত নিশা ৯.৩০ মান বজাত চোৰাং চিকাৰীৰ গুলিত নিহত হয় এটি প্ৰাপ্তবয়স্ক গঁড়টো৷ নিশা ৪-৫ জনীয়া চোৰাং চিকাৰীৰ এটি দলে অত্যাধুনিক মৰণাস্ত্ৰ লৈ উদ্যানখনত প্ৰৱেশ কৰি এটা প্ৰাপ্তবয়স্ক গঁড় হত্যা কৰি গঁড়টোৰ খড়্গ কাটি উধাও হ’বলৈ সক্ষম হয়৷ বন বিভাগ আৰু আৰক্ষীৰ লোকে ঘটনাস্থলীৰ পৰা এ কে ৪৭ আৰু থ্ৰি নট থ্ৰি ৰাইফলৰ সৰ্বমুঠ ২৮ ৰাউণ্ড খালি কার্টুজ উদ্ধাৰ কৰে৷ সম্প্ৰতি, জখালাবন্ধা আৰক্ষী আৰু কাজিৰঙাৰ বন বিভাগে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি জানিব পৰা গৈছে৷