নগাঁও : নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এখন চুইফট ডিজায়াৰ বাহনৰ পৰা নগাঁও আৰক্ষীয়ে জব্দ কৰিলে ৫ কোটি টকা মূল্যৰ ড্ৰাগছ। মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক এই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যজুৰি চলা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে জব্দ হৈছে কেইবা কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। গ্ৰেপ্তাৰ হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰী।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰাবাহিক সাফল্যৰ ধাৰা অব্যাহত ৰাখি শনিবাৰে পুৱাৰ ভাগত নগাঁও আৰক্ষীয়ে লাভ কৰে আন এক বৃহৎ সাফল্য।  এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই নগাঁও আৰক্ষীয়ে কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয়া টেবলেটসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

নগাঁও জিলাৰ চামগুৰিৰ ৰঙগড়াত নগাঁও আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বতচা মগুৰিৰ আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে এখন চুইফট ডিজায়াৰ বাহনৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয়া টেবলেট।

আৰক্ষীয়ে ৫ কোটি টকা মূল্যৰ নিচাজাতীয়া টেবলেটখিনিৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন মণিপুৰৰ ৰাজধানী ইম্ফলৰ আৰিচ খান আৰু ছৰিচ খান বুলি জানিব পৰা গৈছে। নিচাজাতীয়া টেবলেটখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আনি আছিল।