জোনমণি বেগম
বিশ্বনাথ : কুখ্যাত গঁড় চিকাৰীক লক্ষ্য কৰি বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। বিশ্বনাথ আৰক্ষীৰ গুলীত আহত কুখ্যাত গঁড় চিকাৰী জাকিৰ হুছেইন। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে কুখ্যাত গঁড় চিকাৰী জাকিৰ হুছেইনৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে। দুদিন পূৰ্বে বিশ্বনাথ আৰক্ষীয়ে জাকিৰ হুছেইনক নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

অপৰাধীক লক্ষ্য কৰি পুনৰ আৰক্ষীৰ গুলী চালনা। বিশ্বনাথ আৰক্ষীয়ে জাকিৰ হুছেইন নামৰ এজন কুখ্যাত গঁড় চিকৰীক লক্ষ্য কৰি গুলী চালনা কৰে। সোমবাৰে পুৱতি নিশাৰ ভাগত সংঘটিত হয় এই গুলী চালনাৰ ঘটনা। বিশ্বনাথ আৰক্ষীয়ে দুদিন পূৰ্বে নগাঁও জিলাৰ জুৰীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত গঁড় চিকাৰী জাকিৰ হুছেইনক। কিছুদিন পুর্বে নিহত হোৱা কুখ্যাত গঁড় চিকাৰী নালকুৰ সহযোগী আছিল জাকিৰ হুছেইন।

সোমবাৰে পুৱতি নিশাৰ ভাগত গঁড় চিকাৰী জাকিৰ হুছেইনে লুকুৱাই ৰখা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে জাকিৰ হুছেইনক লগত লৈ অভিযান চলাবলৈ গৈছিল। সেই সময়তে বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানাৰ কনিষ্টবল ইছমাইল আলীক আক্ৰমণ কৰি গঁড় চিকাৰী জাকিৰ হুছেইন আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। অৱশেষত আৰক্ষী বাধ্য হৈ গঁড় চিকাৰীজনৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে।

আহত জাকিৰ হুছেইনক আৰক্ষীয়ে বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জাকিৰ হুছেইনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে। কুখ্যাত গঁড় চিকাৰী জাকিৰ হুছেইন পূৰ্বেও গঁড় চিকাৰৰ গোচৰত অভিযোক্ত হৈ জেলত থাকি আহিছিল বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে।