গুৱাহাটী : ২১ বছৰ পিছত এক ঐতিহাসিক ৰায়দান। বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ ২১ বছৰ পিছত এক ঐতিহাসিক ৰায়দান। এই ঐতিহাসিক ৰায়দানকলৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

চিৰাং জিলাৰ বান্দুগুৰি গাঁৱৰ ডাইনীকাণ্ডৰ অভিযুক্ত সকলক যাৱজ্জীৱন কাৰাদণ্ড। ২১ পিছত এক জঘন্য ডাইনী কাণ্ডৰ অভিযুক্ত সকলক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছে বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে। মংগলবাৰে এই ঐতিহাসিক ৰায়দান প্ৰদান কৰেবিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে।

বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ এই ঐতিহাসিক ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। বহু পলমকৈ হলেও নিৰ্যাতিত নিৰীহ পৰিয়ালটিয়ে ন্যায় লাভ কৰাত সন্তুষ্টি লাভ কৰা বুলি কয় ডঃ দিব্যজ্যোতি শইকীয়াই।

২০০৮ বৰ্ষৰ পৰা ডাইনীৰ নামত অত্যাচাৰ তথা হত্যাকাণ্ড ৰোধ কৰাৰ বাবে এখন কঠোৰ আইন প্ৰণয়নৰ বাবে এক দীৰ্ঘদিনীয়া সংগ্রাম অব্যাহত ৰাখিছে ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ৰাজ্য চৰকাৰে ২০১৮ বর্ষত “দ্যা আসাম ৱিতস হ্যানটিং পি পি পি এক্ট ২০১৫” নামেৰে এখন কঠোৰ আইন প্ৰণয়ন কৰে। ফলস্বৰূপে আজি এটা ঐতিহাসিক ৰায় ন্যায়ালয়ে প্ৰদান কৰে।

ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে ন্যায়ালয়ে উচিত ৰায় প্ৰদান কৰাৰ ফলত অদূৰ ভৱিষ্যতে এনেধৰণৰ ডাইনীৰ নামত জঘন্য ঘটনা সংঘটিত কৰিবৰ বাবে ন্যস্তস্বাৰ্থ লোকে সাহস নকৰিব। অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়াই উক্ত আইন সন্দৰ্ভত অধিক প্ৰচাৰ কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনায়। উল্লেখ্য যে ২১ বছৰ পূৰ্বে বান্দুগুৰী গাঁৱত ডাইনীৰ নামত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড।

ডাইনীৰ নামত একেটা পৰিয়ালৰে তিনিজনকৈ লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল। এই জঘন্য ঘটনাৰ লগত জড়িত আছিল ১২ জনকৈ লোক। অৱশেষত ২১ বছৰৰ পিছত এই জঘন্য ঘটনাৰ লগত জড়িত সকলক শাস্তি প্ৰদান কৰা হ’ল। ২১ বছৰ পূৰ্বে ডাইনীৰ নামত হত্যা কৰা হৈছিল একেটা পৰিয়ালৰ গাংগুলী বসুমতাৰী, মালাৰাম বসুমতাৰী আৰু পানীৰাম বসুমতাৰীক।