গুৱাহাটী : চেক ৰিপাব্লিকৰ পৰা আহিল অসমৰ জাতীয় চৰাই দেওহাঁহ। দেওবাৰে চেক ৰেপাব্লিকৰ পৰা আহি অসমত উপস্থিত হ’ল দুযোৰ দেওহাঁহ। অসম ৰাজ্যিক চিৰিয়াখানালৈ অহা পৰ্যটক সকলৰ বাবে চিৰিয়াখানালৈ অনা হৈছে অসমৰ জাতীয় চৰাই দেওহাঁহ। ক্ৰমাৎ বিলুপ্ত হৈ পৰা দেওহাঁহৰ সংখ্যা সমগ্ৰ বিশ্বেত মাত্ৰ ৮০০ টা।

অসমৰ জাতীয় চৰাই দেওহাঁহ এতিয়া সহজে দেখিবলৈ পোৱা যাব অসম ৰাজ্যিক চিৰিয়াখানাত। দেওবাৰে সুদূৰ চেক ৰিপাব্লিকৰ পৰা আহি অসম ৰাজ্যিক চিৰিয়াখানাত নতুন ঘৰ পালে অসমৰ জাতীয় চৰাই দেওহাঁহ। পৰ্যটক সকলে এতিয়াও অসম ৰাজ্যিক চিৰিয়াখানালৈ আহি দেখিবলৈ পাব অসমৰ জাতীয় চৰাই।

বনাঞ্চল ধ্বংসৰ ফলত বাসস্থান হেৰুৱাই আৰু মাংসৰ বাবে চিকাৰীৰ হাতত নিধন হৈ ক্ৰমাৎ পৃথিৱীৰ বুকুৰ পৰা নাইকিয়া হৈ পৰিছে অসমৰ জাতীয় চৰাই দেওহাঁহ। সমগ্ৰ ভাৰতবৰ্ষতে দেওহাঁহ দেখবলৈ পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন আছিল অসমত। অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা নামদফা ৰাষ্ট্ৰীয় উদ্যানত এসময়ত জাকে জাকে দেওহাঁহ দেখিবলৈ পোৱা গৈছিল।

বৰ্তমান অসমত থকা দেওহাঁহৰ প্ৰধান বিচৰণস্থলী সমূহতো দেখিবলৈ পোৱা নাযায় দেওহাঁহ। মানৱ জাতিৰ বাবেই সমগ্ৰ বিশ্বৰ লগতে অসমতো বিপদজনকভাৱে হ্ৰাস পাই আহিছে দেওহাঁহৰ জনসংখ্যা। বনৰীয়া হাঁহৰ ডাঙৰ প্ৰজাতি সমূহৰ ভিতৰতে অন্যতম দেওহাঁহৰ প্ৰজাতিটো বিলুপ্তপ্ৰায় প্ৰজাতিৰ গোটত অন্তৰ্ভুক্ত হৈ আছে। ২০০২ ৰ এক সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে মাত্ৰ ৮০০ টা মান দেওহাঁহ আছে, ইয়াৰে ৪৫০ টা আছে ভাৰতত।