যোৰহাট : যোৰহাটৰ নিমাটিঘাটত ভয়ংকৰ ঘটনা। নিমাটিঘাটত ৮ বছৰীয়া কন্যাক বুকুতলৈ ব্ৰহ্মপুত্ৰ নদীত জাপ দিলে এগৰাকী মাতৃয়ে। স্থানীয় ৰাইজৰ তৎপৰতাত মাতৃ গৰাকী উদ্ধাৰ। সন্ধানহীন হৈ আছে ৮ বছৰীয়া কমমাণি গৰাকী।

দেওবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয় যোৰহাট জিলাৰ নিমাটিঘাটত। এগৰাকী মহিলাই ৮ বছৰীয়া কন্যাক বুকুতলৈ ব্ৰহ্মপুত্ৰ নদীত জাপ দি আত্মহত্যাৰ চেষ্টা চলায়। কন্যা সন্তানসহ মহিলা গৰাকী ব্ৰহ্মপুত্ৰ নদীত জাপ দিয়াৰ পিছতে নিমাটিঘাটত হুৱাদূৱা লগে।

স্থানীয় একাংশ লোকে তৎপৰতাৰে মাতৃ আৰু কন্যা শিশুটিক ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ অভিযান চলাই মহিলা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মহিলা গৰাকী উদ্ধাৰ হয় যদিও কন্যা শিশুটি এতিয়াও সন্ধানহীন হৈ আছে ব্ৰহ্মপুত্ৰৰ বুকুত।

৮ বছৰীয়া কন্যা শিশুটিক উদ্ধাৰ কৰিবলৈ এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইফালে মহিলা গৰাকীয়ে কি কাৰণত কন্যা শিশুসহ ব্ৰহ্মপুত্ৰ নদীত জাপ দি আত্মহত্যাৰ চেষ্টা চলালে এই সম্পৰ্কে জানিব পৰা হোৱা নাই।