শিৱসাগৰ পৰা আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ আৰক্ষীৰ জুৱা বিৰোধী অভিযান। দেওবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে জুৱা বিৰোধী অভিযান চলাই হাতে লোটে ধআটক কৰে ৬ জনকৈ জুৱাৰীক। দীৰ্ঘ সময় ধৰি শিৱসাগৰৰ বিজি ৰোডত অবৈধ জুৱাৰ বেহা চলাই আছিল এই কুখ্যাত জুৱাৰী চক্ৰটো। অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত জুৱাৰী চক্ৰটোৰ ৬ জনকৈ সদস্য। 

বন্ধ হোটেলৰ কোঠাত জুৱাৰ মজলিচ চলাই অহা চক্ৰটোক দেওবাৰে নিশা শিৱসাগৰ সদৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক বিশ্বজিত দুৱৰীয়ে চলোৱা অভিযানত আটক কৰা জুৱাৰী কেইটা হৈছে শিৱসাগৰ চহৰৰেই নিৱাসী বিজিত গোঁহাই, মুন্না বৰ্মণ, ভৱেশ চাহা, বিদ্যুৎ গগৈ, তপোব্ৰত গগৈ আৰু ৰাজীৱ মহন্ত।

শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি বিজি ৰোডৰ অএনজিচিৰ ডিবিজি গেটৰ সন্মুখত থকা মুন্না হোটেল নামৰ ভাতৰ হোটেলখনত দীর্ঘ দিনৰ পৰাই এই চক্ৰটোৱে জুৱা খেলৰ আড্ডা বহুৱাই অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল। দেওবাৰে নিশাও হোটেল দৰ্জা বন্ধ কৰি এই চক্ৰটোৱে জুৱা খেল চলাই থকাৰ তথ্য এক গোপন সূত্ৰে লাভ কৰিছিল সদৰ আৰক্ষীয়ে।এই তথ্যৰ ভিত্তিত নিশা আৰক্ষীয়ে অতৰ্কীতে অভিযান চলাই গভাইত জুৱাৰী চক্ৰটোক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জুৱাৰী কেইজনৰ পৰা নগদ ১৫ হাজাৰ ৮০ টকা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্লেয়িং কাৰ্ডও জব্দ কৰিছে। শিৱসাগৰ আৰক্ষীয়ে হাতে লোটে আটক কৰিবলৈ সক্ষম হোৱা জুৱাৰী কেইটাৰ মাজত মুন্না হোটেলৰ স্বত্বাধিকাৰী মুন্না বৰ্মনো আছে। আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলোৱাৰ ফলতেই আটাইকেইজন জুৱাৰী আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে জুৱাৰী কেইজনক অসম বেটিং এণ্ড গেম্বলিং এক্টৰ ১৩/১৪ ধাৰাৰ অধীনত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।