জোনমণি বেগম
বিশ্বনাথ : পুৱাই বিশ্বনাথত এগৰাকী সাংসদৰ হাতত ঝাৰু। পুৱাই বিশ্বনাথৰ পাভৈ চাহ বাগিচাৰ বিভিন্ন স্থানত হাতত ঝাৰু লৈ চাফাই অভিযান চলালে সাংসদ পল্লব লোচন দাসে। তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসে পুৱাই জন্ম গ্ৰহণ কৰা বিশ্বনাথৰ পাভৈ চাহ বাগিচাত চাফাই অভিযান চলায়।

দলীয় কর্মী আৰু নেতা সকলৰ লগত হাতত ঝাৰু আৰু কোৰ লৈ তেজপুৰ লোকসভাৰ সাংসদ গৰাকীয়ে চাফাই অভিযান চলালে। ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰি বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে শনিবাৰৰ দিনটো ভাৰতীয় জনতা পাৰ্টীয়ে শু-শাসন দিন হিচাপে পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইহে সাংসদ পল্লব লোচন দাসে এই সু-শাসন দিনৰ লগত সংগতি ৰাখি জন্ম গ্ৰহণ কৰে বাগিচাখনত চাফাই অভিযান চলায়।

পাভৈ চাহ বাগিচাখনক ইতিমধ্যে ৰাজ্যৰ ভিতৰতে এক জাকত জিলিকা বাগিচা হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰা হৈছে বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীয়ে। তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে কয় যে কেৱল পাভৈ চাহ বাগিচাখনেই নহয় সমগ্ৰ ৰাজ্যৰ চাহ বাগিচা সমূহক এক সুন্দৰ ৰূপ দিয়াৰ বাবে সংকল্প গ্ৰহণ কৰা হৈছে।

সাংসদ গৰাকীৰ জন্ম গ্ৰহণ কৰা পাভৈ চাহ বাগিচাখনৰ দায়িত্ব খোদ সাংসদ পল্লব লোচন দাসে গ্ৰহণ কৰিছে বুলিও জানিব দিয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে সাংসদ গৰাকীৰ লগতে বিশ্বনাথ জিলা চাহ জনগোষ্ঠি মৰ্চাৰ সভাপতি ভৰত কটোৱাল, জিলা পৰিষদৰ উপ-সভানেত্ৰী গায়ত্ৰী কুৰ্মীসহ বিজেপিৰ বহু কর্মী আৰু বিষয়ববীয়া সকল।