গুৱাহাটী : ক’ভিড সম্পৰ্কীয় নতুন নীতি নিৰ্দেশনা ঘোষণা কৰিলে স্বাস্থ্য বিভাগে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে কভিড সম্পৰ্কীয় নতুন নীতি নিৰ্দেশনা। দেওবাৰৰ পৰা পুনৰ ৰাজ্যত বলবৎ কৰা হৈছে সান্ধ্য আইনৰ। মাস্ক পৰিধান কৰা বাধ্যতামূলক।

সমগ্ৰ বিশ্বতে এতিয়া ক’ভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰনৰ সন্ত্ৰাস। বিশ্বৰ কেইবাখনো দেশত অতি ক্ষিপ্ৰতাৰে বিয়পিছে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট অমিক্ৰন। ইতিমধ্যে ভাৰততো অমিক্ৰনত আক্রান্ত লোকৰ সংখ্যা ৪০০ ৰ ঘৰ অতিক্ৰম কৰিছে।

অসমত ব্ৰতমনালৈকে অমিক্ৰনৰ অৱস্থিতি ধৰা পৰা নাই যদিও অমিক্ৰনকলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ অধিক সজাগ হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যত ক’ভিডৰ সংক্ৰমণ অব্যাহত আছে আৰু সেইহে ৰাজ্য চৰকাৰ পুনৰ কঠোৰ নীতি নিৰ্দেশনাৰ মাজত ৰাইজক থাকিবলৈ আহ্বান জনাই নতুন এছঅ’পি ঘোষণা কৰিছে।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত এক সংবাদমেলত ৰাজ্যৰ ক’ভিড সম্পৰ্কীয় নতুন এছঅ’পি ঘোষণা কৰে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে নতুন এছঅ’পিত দেওবাৰৰ পৰা ৰাজ্যত পুনৰ সান্ধ্য আইন বলবৎ কৰা হৈছে। দেওবাৰে নিশা ১১.৩০ বজাৰ পৰা পিছদিনা পুৱা ৬ বজালৈ ৰাজ্যত সান্ধ্য আইন জাৰি থাকিব। অৱশ্যে ৩১ ডিচেম্বৰৰ নিশা সান্ধ্য আইন বলবৎ নাথাকিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা ৫০ শতাংশ লোক সভা-সমিতিত উপস্থিত থাকিব পাৰিব। ছবিগৃহ সমূহত ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰ অনুমতি আছে নতুন এছঅ’পিত। মাস্ক পৰিধান কৰা বাধ্যতামূলক নতুন এছঅ’পি অনুসৰি। সকলোকে দুয়ো পালি ক’ভিড প্ৰতিষেধ লোৱাৰ বাবেও আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।