নিউজ ডেস্ক, ৫ জুন, ২০২৬ : লোকসভাৰ সাংসদ ড° চি. এম. ৰমেশৰ অধ্যক্ষতাত লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰে গঠিত ৰে’লৱেৰ এক উচ্চ-পৰ্যায়ৰ সংসদীয় স্থায়ী সমিতিয়ে ৪ জুনৰ পৰা ৯ জুন, ২০২৬ লৈকে গেংটক, কলকাতা আৰু হৃষিকেশলৈ এক পৰ্যালোচনা ভ্ৰমণ অব্যাহত ৰাখিছে। এই পৰ্যালোচনা ভ্ৰমণে সমগ্ৰ দেশত, বিশেষকৈ উত্তৰ-পূৰ্ব্বাঞ্চলত ৰে’লৱে আন্তঃগাঁথনিৰ উন্নয়ন, সংযোগ ব্যৱস্থা শক্তিশালীকৰণৰ আৰু ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষভাৱে উত্তৰ-পূৰ্ব্বাঞ্চলৰ (North Eastern) ৰাষ্ট্ৰীয় তাৎপর্য প্ৰদান কৰাৰ গুৰুত্বকেই প্ৰতিফলিত কৰিছে।

অধ্যয়ন ভ্ৰমণৰ অংশ হিচাপে সমিতিয়ে ৪ জুন তাৰিখে ৰে’লৱে ষ্টেচন, সুৰংগ আৰু সেতুসমূহৰ পৰিদৰ্শন কৰি এই ঐতিহাসিক সংযোগ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে প্ৰত্যক্ষ অন্তৰ্দৃষ্টি লাভ কৰাৰ লগতে সেৱক-ৰংপো ৰে’লপথ প্ৰকল্পৰ মূল প্ৰকল্প স্থানসমূহো পৰিদৰ্শন কৰে। ইৰকনে সমিতিক জনায় যে ৪৪.৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেৱক-ৰংপো ৰে’লপথে ছিক্কিমক পোন প্ৰথমবাৰৰ বাবে ৰে’ল সংযোগ প্ৰদান কৰিব আৰু প্ৰকল্পটো ডিচেম্বৰ ২০২৭ ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে। বৰ্তমানলৈকে ইয়াৰ নিৰ্মাণৰ ৭৭ শতাংশ বাস্তৱিক অগ্ৰগতি লাভ কৰা হৈছে। প্ৰতিনিধি দলটোৱে ৰংপো ৰে’লৱে ষ্টেচন আৰু সুৰঙ্গ নং ১৪ও পৰিদৰ্শন কৰে।

সমিতিৰ সৈতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, আলিপুৰদুৱাৰ ৰে’ল মণ্ডলৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণৰ) মুখ্য কাৰ্যালয়, ইৰকন আৰু ৰাইটচ লিমিটেডৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গও উপস্থিত আছিল। ৫ জুন তাৰিখে গেংটকত সমিতিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক আৰু ইৰকন ইন্টাৰনেচনেল লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ সৈতে “উত্তৰ-পূৰ্ব্বাঞ্চল আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহত ৰে’ল নেটৱৰ্কৰ সম্প্ৰসাৰণ” বিষয়ত অনানুষ্ঠানিক আলোচনা নিৰ্ধাৰিত কৰা হৈছে। এই আলোচনাত সেৱক-ৰংপো ৰে’লপথ প্ৰকল্পক বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। এই মত বিনিময়ে উত্তৰ-পূৰ্ব্বাঞ্চলত ৰে’ল সংযোগ শক্তিশালীকৰণ, পৰিবহণৰ আন্তঃগাঁথনি উন্নতকৰণ আৰু বহনক্ষম আৰ্থ-সামাজিক উন্নয়নৰ দিশত চলিত পদক্ষেপসমূহৰ বিষয়েও মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

এই পৰ্যালোচনা ভ্ৰমণে উত্তৰ-পূৰ্ব্বাঞ্চলত ৰে’লৱে আন্তঃগাঁথনি শক্তিশালীকৰণৰ দিশত ৰাষ্ট্ৰীয় তাৎপৰ্যক গুৰুত্বক প্ৰতিফলিত কৰিছে। এই আলোচনাসমূহে আঞ্চলিক সমন্বয় বৃ্দ্ধি, সুগমতাৰ উন্নতকৰণ আৰু দূৰৱৰ্তী লগতে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আৰ্থ-সামাজিক উন্নয়নত ৰে’ল সংযোগৰ ৰূপান্তৰকাৰী ভূমিকাৰ ওপৰত আলোকপাত কৰিব বুলি আশা কৰা হৈছে। সম্পূৰ্ণ হোৱাৰ পিছত, সেৱক-ৰংপো ৰে’লপথ প্ৰকল্পই ছিকিমক প্ৰত্যক্ষ ৰে’ল সংযোগ লাভ কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত যাত্ৰী আৰু মালবাহী ৰে’লৰ অধিক দ্ৰুত হ’ব আৰু পৰ্যটন, বাণিজ্য তথা আৰ্থিক বিকাশৰ নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। এই আন্তঃক্ৰিয়াই সীমান্ত-পাৰ ৰে’ল সংযোগ প্ৰকল্পসমূহ আৰু উত্তৰ-পূব অঞ্চলত ৰে’লৱে নিৰ্মাণৰ সৈতে জড়িত অনন্য অভিযান্ত্ৰিক তথা আন্তঃগাঁথনি চ্যালেঞ্জসমূহৰ বিষয়ে আলোচনাৰ এক সুযোগো প্ৰদান কৰিব।

সমিতিখনৰ এই ভ্ৰমণে ভাৰত চৰকাৰ আৰু ৰে’ল মন্ত্ৰালয়ৰ দ্বাৰা ৰে’লৱে আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু দেশজুৰি আন্তঃগাঁথনি বিস্তাৰ আৰু পৰিবহণ নেটৱৰ্কৰ উন্নতকৰণৰ ক্ষেত্ৰত অব্যাহত গুৰুত্বক প্ৰতিফলিত কৰে। এনে ধৰণৰ আন্তঃক্ৰিয়া আৰু ক্ষেত্ৰভিত্তিক ভ্ৰমণে গুৰুত্বপূর্ণ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বিষয়ে তথ্যভিত্তিক আলোচনাক সহায় কৰে আৰু ৰে’ল সংযোগ শক্তিশালীকৰণ, আঞ্চলিক বিকাশক সমৰ্থন আৰু অৰ্থনৈতিক বৃদ্ধিৰ গতি ত্বৰান্বিত কৰাৰ অভিন্ন প্ৰতিশ্ৰুতি অধিক দৃঢ় কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে ৰূপায়ণৰ ক্ষেত্ৰত অবিচল প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণৰ বাবে উন্নত সংযোগ ব্যৱস্থা, অন্তর্ভুক্তিমূলক বিকাশ আৰু অধিক সমৃদ্ধিৰ লক্ষ্য বাস্তৱায়নৰ দিশত অগ্ৰসৰ হৈ আছে।