আজিজ আলী

মুকালমুৱা : তীব্ৰ খাদ্য সংকটত বৰভাগৰ বানাক্ৰান্ত ৰাইজ। অবৰ্ণনীয় পৰিস্থিতি আশ্ৰয় শিবিৰ সমূহত থকা ৰাইজৰ। সাংবাদিকৰ ওচৰত ক্ষোভ উজাৰিলে ক্ষুধাতুৰ বানাক্ৰান্তই। ১৫০০ টকাকৈ কিনিছে এখন কল গছৰ ভূৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰভাগ ৰাজহ চক্ৰৰ প্ৰায় ২৫ খন গাঁও বানৰ কবলত পৰিছে।

নিজৰ আপোন ঘৰখনৰ মায়াত আশ্ৰয় শিৱিৰলৈ নগৈ বিচনাৰ ওপৰতে বিচনা লগাই এক দুৰ্বিসহ জীৱন কটাব লগীয়া হৈছে বহু লোকে। বৰভাগ অঞ্চলটো পূৰ্বৰে পৰা প্ৰশাসনে বানপীড়িত অঞ্চল হিচাপে চিহ্নিত কৰিছে যদিও বানৰ কবলত ককবকাই থকা লোক সকল আৰু পশুধন সমূহ খাদ্য সংকটত পৰাৰ পিছতো প্ৰশাসনৰ ফালৰ পৰা কোনো লোকে খৱৰ নকৰাৰ অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে।

নৈৰ পানীয়ে বৰভাগ অঞ্চল নিমিষতে বুৰাই পেলোৱাত ঘৰৰ সা-সামগ্ৰী নিৰাপদ স্থানলৈ নিব নোৱাৰাত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। বৰভাগৰ আৰংগমৌ, নখেতি, ৰাইমাধা, কমাৰকুছি, ৰাইৎকুছি, ক্ষুদ্ৰ ডিংডিঙিকে ধৰি কেবাখনো দ’ঠাইত অৱস্থিত গাঁৱৰ লোক সকল অধিক ক্ষতিগ্ৰস্ত হৈছে। অসম জাতীয় পৰিষদৰ শান্তনু কলিতা আৰু এটি সাংবাদিকৰ দলে বৰভাগৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কেবাটাও শিৱিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ খবৰ লয়।