কামপুৰ : কামপুৰত নিশা অঘটন৷ বাঢ়নী পানীত উটি গ’ল কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এজন কনিষ্টবল। নিশা এটা গোচৰৰ তদন্তৰ বাবে কামপুৰ আৰক্ষীৰ এটা তিনিজনীয়া দল নাও লৈ গৈছিল।

ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বানে সংহাৰী ৰূপৰ ধাৰণ কৰাৰ মাজতে নগাঁও জিলাৰ কামপুৰত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। বাঢ়নী পানীত উঠি গৈ মৃত্যুৰ মুখত পৰিছে দুজনকৈ আৰক্ষীৰ লোক।

কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈৰ বাঢ়নী পানীত উটি গৈ মৃত্যু ঘটে।
কামপুৰ পাছনিজাৰ মধুপুৰত হঠাৎ বাঢ়নী পানীৰ কোৱাল সোঁতত পৰি উটি যায় আৰক্ষীৰ লোক দুজন।

জানিব পৰা মতে নিশাৰ ভাগত এটা গোচৰৰ তদন্তৰ বাবে কামপুৰ আৰক্ষীৰ এটা তিনিজনীয়া দল নাও লৈ গৈছিল। এছ ডি আৰ এফ বাহিনীৰ লোকে নিশা অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰে যদিও সন্ধানহীন হৈ আছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জল কাকতি।

অৱশ্যে পুৱাৰ ভাগত এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জল কাকতিৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিশা প্ৰায় এক মান বজাত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে বানত উটি গৈছিল কামপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ লোক দুজন।