আজিজ আলী

মুকালমুৱা : দেশজুৰি দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ প্ৰথমদিনা ৰাজ্যৰ প্রান্তে প্রান্তে প্ৰতিবাদ। মহানগৰী গুৱাহাটীত প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা প্ৰদান। আৰক্ষীয়ে আটক কৰি নিয়ে প্ৰতিবাদকাৰী সকলক। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মুকালমুৱাতো চিপিআই (এম)ৰ লগতে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ম আৰু কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ যৌথ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী।

বিজেপি চৰকাৰৰ জন বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰ আৰু মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে ৰূপায়ন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী। দুদিনীয়াকৈ ধৰ্মঘট কাৰ্যসূচীৰে বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক বিৰোধী নীতি সমূহৰ বিৰোধিতা কৰি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ম আৰু কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ যৌথ মঞ্চৰ লগতে কেইবাটাও সংগঠনে। এই ধৰ্মঘট কাৰ্যসূচীৰ অন্তৰ্গত গুৱাহাটীত সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ।

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ম আৰু কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ যৌথ মঞ্চই গুৱাহাটী ক্লাবত একত্ৰিত হৈ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ বিৰোধী শ্ল’গান দি এক প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰি লৈ যায়।

মহানগৰী গুৱাহাটী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নালবাৰী জিলাৰ মুকালমুৱাতো চিপিআই (এম), অংগনবাদী কৰ্মী সহায়িকাকে আদি কৰি শ্ৰমিক ইউনিয়ন, বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে কৃষক আৰু শ্রমিকৰ সুৰক্ষা আৰু কল্যানৰ দাবী জনাই বৃহৎ প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। হাতে হাতে ৰঙা পতাকা লৈ কৃষক আৰু শ্রমিকৰ সুৰক্ষা আৰু কল্যাণৰ দাবীত প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে কৃষক আৰু শ্রমিকক সুৰক্ষা দিয়ক, শ্ৰমিকক প্ৰাপ্য মজুৰি প্ৰদান কৰক, বিজেপি চৰকাৰ হায়-হায়, পেট্ৰল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, দেশৰ সম্পত্তি পুঁজিপতিক গতোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আদি শ্ল’গানেৰে মুকালমুৱাৰ আকাশ বতাহ কঁপাই তোলে। উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচীৰ ৰাজ্যজুৰি ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা যায়। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বেংক কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচীত নামি পৰাত ব্যাহত হৈ পৰে বেংক সেৱা।