গুৱাহাটী : দক্ষিণ ভাৰতৰ প্ৰসিদ্ধ বাঁহীবাদক ‘মাইচোৰ এ চন্দনকুমাৰ’ৰ বাঁহীবাদনে মহানগৰীৰ শাৰদীয় পৰিবেশক (Musical Evening) অধিক মোহনীয় কৰি তোলে। অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ চৌহদত শাস্ত্ৰীয় সংগীত প্ৰচাৰৰ প্ৰতিষ্ঠান স্পিকমেকে সহযোগত অনুষ্ঠিত এখন সংগীত সভাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-শিক্ষক আৰু আমন্ত্ৰিত অতিথিৰ সন্মুখত শিল্পগৰাকীয়ে সংগীত পৰিবেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।

চিঙিং ফ্লুইট’ হিচাপে বিখ্যাত এই শিল্পীগৰাকী সংগীত নাটক একাডেমিৰ বিচমিল্লাহ খান যুৱ পুৰষ্কাৰেৰে সন্মানিত। দেশ-বিদেশৰ বহু সংগীতসভাত অংশগ্ৰহণ কৰা এই শিল্পীগৰাকী আকাশবাণী আৰু দূৰদৰ্শনৰ এ গ্ৰেডৰ শিল্পী। চন্দনকুমাৰৰ পুৰুষসুলভ বাদনশৈলীৰ মূল বৈশিষ্ট হ’ল শক্তিশালী ৰেপ, গতিশীল সুৰ আৰু সতেজ সৃষ্টিশীলতা। তেওঁৰ উদ্ভাৱনী মনটোৱে সদায় নতুন দিগন্ত আৰু সতেজ বৰ্ণনাৰ সন্ধানত থাকে আৰু তেওঁৰ বাদনত তাৰ প্ৰতিফলন থাকে। শিল্পীৰ লগত সহযোগ কৰা এগৰাকী শিল্পী হ’ল বেহেলাবাদক ইদাপল্লি অজিত কুমাৰ। তেওঁ পণ্ডিত বালমূৰলী কৃষ্ণ, পণ্ডিত য়েচুদাস আদিৰ লগত দেশে-বিদেশে সংগীত পৰিবেশন কৰিছে।

অনুষ্ঠানত মৃদংগমবাদনেৰে সহযোগ কৰিছিল বিদ্বান অৰ্জুন কুমাৰে। সংগীতা বড়োই পৰিচালনা কৰা এই অনুষ্ঠানটিৰ আঁত ধৰে হিমাস্মিতা ডেকা আৰু অভয়জিৎ পালে। বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই শিল্পীকেইগৰাকীক সম্বদ্ধৰ্না জনায় আৰু ভবিষ্যতেও এনে সংগীত পৰিবেশনৰ বাবে আহ্বান জনায়। শিল্পীকেইগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনায় শ্ৰোতাসকলৰ অংশগ্ৰহণৰ প্ৰশংসা কৰে। অনুষ্ঠানত প্ৰখ্যাত চৰোদ বাদক তৰুণ কলিতা, লেখক নম্ৰতা দত্ত, সাংবাদিক পংকজ কুমাৰ দত্ত আদিও উপস্থিত থাকে।