নলবাৰী : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে কৃষি বিভাগৰ বিশেষ পদক্ষেপ। কৃষি বিভাগৰ উদ্যোগত উন্নত প্ৰজাতিৰ সৰিয়হৰ বীজ সিঁচা অনুষ্ঠান। কেইবাজনো কৃষকৰ লগত মিলি কৃষি বিভাগৰ বিষয়ই সিঁচিলে উন্নত প্ৰজাতিৰ সৰিয়হৰ বীজ (Agriculture News)।

অসমীয়া বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে নলবাৰী জিলা কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত সৰিয়হৰ খেতি কৰা কৃষক সকলৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে নলবাৰী কৃষি বিভাগে বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সৰিয়হৰ খেতি কৰা কৃষক সকলৰ মাজত উন্নত জাতৰ সৰিয়হৰ বীজ বিতৰণ কৰি বীজ সিঁচা অনুষ্ঠিত অনুষ্ঠিত কৰে।

বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি নলবাৰী জিলা কৃষি বিভাগৰ ডি আৰ এম আৰ – এপাৰ্ট আঁচনিৰ উদ্যোগত জিলাখনৰ বৰিগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাঁহদলি গাঁৱত উন্নত জাতৰ সৰিয়হৰ বীজ সিঁচা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। নলখৰিকা কৃষক উৎপাদক গোষ্ঠীৰ হিতাধিকাৰি কৃষকৰ কৃষি ভূমিত উন্নত জাতৰ সৰিয়হৰ বীজ সিঁচা হয়। এই বীজ সিঁচা অনুষ্ঠানত জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি, মহকুমা কৃষি বিষয়া ৰমেশ শৰ্মা, কৃষি উন্নয়ন বিষয়া প্ৰণৱ দাস, চিনিয়ৰ ৰিচাৰ্ছ ফেল’ মণিষা বৰ্মণ, কৃষি বিপণন সমন্বয় সত্যেন তালুকদাৰ, বি টি এম ডঃ ঈশ্বৰ শৰ্মা, নলখাৰিকা কৃষক উৎপাদক গোষ্ঠীৰ চি ই অ, বি অ দি উপস্থিত থাকে।

উল্লেখ্য যে যোৱা বছৰ নলবাৰী জিলাত কৃষি বিভাগৰ ফলৰ পৰা যোগান ধৰা উন্নত জাতৰ সৰিয়হৰ বীজৰ খেতিৰ উৎপাদন ভাল হোৱাত কৃষক সকলক অধিক উৎসাহিত হৈছে। এই বেলি সৰিয়হ খেতিৰ বাবে জিলাখনৰ এশ সত্তৰজন কৃষক আগবাঢ়ি আহিছে। এই এশ সত্তৰজন কৃষকৰ সাতজন হিতাধিকাৰি কৃষকে কৃষি বিভাগৰ বিষয়া সকলৰ লগত একেলগে মিলি উন্নত জাতৰ সৰিয়হৰ বীজ সিঁচে।শীতকালীন বতৰত কৃষিৰ বাবে উপযোগী শস্য সৰিয়হ।

অসমত অক্টোবৰ আৰু নৱেম্বৰ মাহ সৰিয়হৰ বীজ সিঁচাৰ উপযুক্ত সময়। সৰিয়হৰ উৎপাদন বৃদ্ধি কৰিবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত মাটিৰ ব্যৱস্থা আৰু বতৰৰ লগত খাপ খোৱাকৈ সৰিয়হ বীজৰ জাত নিৰ্বাচন কৰা হয় যদিও বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিলে কৃষক সকল অধিক উপকৃত হোৱাৰ সম্ভাৱনা অধিক। কিছুদিন পূৰ্বে অঞ্চলটোৰ কৃষক সকলক কৃষি বিভাগৰ ফলৰ পৰা বৈজ্ঞানিক পদ্ধতি অৱলম্বন সৰিয়হৰ খেতি কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।