গুৱাহাটী : পানীৰ নামত চলিছে জালিয়াতি (Drinking Water)। গুৱাহাটীত বেইলী খোৱা পানীৰ ডুপ্লিকেট ২০ লিটাৰৰ পানীৰ জাৰ জব্দ।বেছিভাগ খোৱা পানীৰ কাৰখানাৰ নাই অনুজ্ঞাপত্ৰ। ডুপ্লিকেট পানীৰ জাৰ নিৰ্মাণ কৰা কাৰখানাৰ মালিকক আৰক্ষীৰ জেৰা।

ভগদত্তপুৰ আৰক্ষীয়ে বেইলী পেকেটযুক্ত খোৱা পানীৰ ডুপ্লিকেট ২০ লিটাৰ পানীৰ জাৰ কঢ়িয়াই অনা এএছ-০৭-বিচি-১৯৩৪ নম্বৰৰ এখন বাহন জব্দ কৰাৰ লগতে নায়নতন ডেকা নামৰ এজন লোকক আটক কৰিছে। আনহাতে বাহনখনৰ পৰা আৰক্ষীয়ে ১৫ টা বেইলীৰ লেবেল লগোৱা ডুপ্লিকেট ২০ লিটাৰ জাৰ জব্দ কৰে। বাহনখনৰ চালকজনে জানিবলৈ দিয়ে যে তেওঁ ইতিমধ্যে বিভিন্ন দোকানলৈ ২০ লিটাৰৰ বহু কেইটা পানীৰ জাৰ বিক্ৰী কৰিছে। চালকজনে লগতে জানিবলৈ দিয়ে এটা অবৈধ কাৰখানাৰ পৰা দৈনিক এই জাৰ সমূহত পানী ভৰ্তি কৰি বিক্রী কৰে।

আৰক্ষীয়ে এই ডুপ্লিকেট পানীৰ জাৰ নিৰ্মাণ কৰা কাৰখানাৰ মালিকক জেৰা চলায়। উদয়ক এগ্ৰো প্ৰডাক্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজ শেখৰ আগৰৱালাই এই সন্দৰ্ভত এক বিবৃতিত কয় যে পাৰ্লে এগ্ৰো প্ৰাইভেট লিমিটেডৰ ফ্ৰেঞ্চাইজিয়ে যোৱা ২২ বছৰৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত বেইলী পেকেটযুক্ত খোৱা পানী প্ৰস্তুত কৰি আহিছে আৰু তেওঁলোকৰ ২০ লিটাৰ পেকেটযুক্ত পানীৰ জাৰবোৰ সৰ্বোচ্চ মানদণ্ডৰ সৈতে নিৰ্মাণ কৰা হয়। কোনেও যাতে নকল কৰিব নোৱাৰে সেইবাবে জাৰৰ মুখত এটা হলোগ্ৰাম মোহৰ দিয়া থাকে। গ্ৰাহকক পানী ক্ৰয় কৰাৰ আগতে এই সুৰক্ষা মোহৰটো পৰীক্ষা কৰিবলৈ তেওঁ আহ্বান জনায়।

তেওঁ এই সন্দৰ্ভত বিতং তথ্যৰ বাবে ৮০৮০৪৯০৪৯০ নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনায়। আৰক্ষীয়ে নকল পানীৰ জাৰ কঢ়িয়াই নিয়া বাহনখনৰ চালকজনক আটক কৰি ভাৰতীয় দণ্ডবিধিৰ আইন ৪০৬ আৰু ৪২০ ধাৰাৰ অধীনত ২৪৮০/২০২২ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে। মন কৰিবলগীয়া যে কেইমাহমান পূৰ্বে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমে গুৱাহাটী আৰু ইয়াৰ আশে পাশে থকা বিভিন্ন অবৈধ পেকেটযুক্ত খোৱা পানীৰ কাৰখানাৰ বিৰুদ্ধে অভিযান চলাইছিল য’ত তেওঁলোকে দেখিছিল যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জাৰী কৰা কোনো নিয়ম আৰু নিৰ্দেশনা অনুসৰণ নকৰাকৈ এনে কাৰখানা চলি আছে।

অভিযানকালত কেইবাটাও কাৰখানা বন্ধ কৰা হৈছিল যদিও কিন্তু পুনৰ এই অবৈধ কাৰখানা সমূহ মুকলি কৰি কোনো ধৰণৰ নিয়ম অনুসৰণ নকৰাকৈ পেকেটযুক্ত খোৱা পানীৰ ব্যৱসায় চলাই আছে। কেৱল গুৱাহাটী চহৰতে এনে ধৰণৰ ৫০ টাতকৈও অধিক অবৈধ কাৰখানা চলি আছে বুলি অভিযোগ উঠিছে। এইটো কেৱল জনস্বাস্থ্যৰ বাবেই ক্ষতিকাৰক নহয়, ৰাজ্য চৰকাৰৰ কৰৰ এক বৃহৎ লোকচান হৈছে এই অবৈধ কাৰখানা সমূহৰ জৰিয়তে। এই কাৰখানা সমূহৰ বেছিভাগেই জিএছটি আৰু অন্যান্য কৰ অবিহনে চলি আছে বুলি অভিযোগ উত্থাপন হৈছে।

পেকেটযুক্ত খোৱা পানীৰ কাৰখানা এটা চলোৱাৰ বাবে বিভিন্ন অনুজ্ঞাপত্ৰ থকাটো বাধ্যতামূলক যেনে বিআইএছ, এফএছএছএআই, প্ৰদূষণ প্ৰমাণপত্ৰ, উদ্যোগ বিভাগৰ পঞ্জীয়ন, বাণিজ্য অনুজ্ঞাপত্ৰ ইত্যাদি। অৱশ্যে, এই অবৈধ কাৰখানা সমূহৰ এইবোৰৰ কোনোটো নাই আৰু সেয়েহে খোৱা পানীৰ মানদণ্ডৰ সৈতে আপোচ কৰিবলৈ সক্ষম হয়।এইটো কেৱল জালিয়াতিৰ ঘটনা নহয়, গ্ৰাহকসকলে এনে জালিয়াতিৰে প্ৰস্তুত কৰা সামগ্ৰী সেৱন কৰাৰ বাবে বিপদৰ সন্মূখীন হ’ব পাৰে সেয়ে উপভোক্তাই সামগ্ৰী ক্ৰয় কৰাৰ পূৰ্বে হলোগ্ৰাম মোহৰ পৰীক্ষা কৰি নিশ্চিত কৰিব লাগে।