জোনমণি বেগম
বিশ্বনাথ : ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দৰ কাজিৰঙা ভ্ৰমণৰ দিনাই কাজিৰঙাত ব্ৰাহ্মপুত্ৰ নদীৰ বুকুৰ পৰা উদ্ধাৰ হ’ল কাজিৰঙাত গঁড় হত্যা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ। ব্ৰাহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ কৰি বিশ্বনাথঘাট লৈ অনা হ’ল কুখ্যাত গঁড় চিকাৰীজনৰ মৃতদেহ।

শনিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কুবিন্দৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ দিনাই বিশ্বনাথ আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৭ দিন ধৰি ব্ৰাহ্মপুত্ৰ নদীত সন্ধানহীন থকা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ।যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখে আৰক্ষীয়ে কেৰেলাৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল কুখ্যাত গঁড় চিকাৰীজনক। সেই নিশাই কুখ্যাত গঁড় চিকাৰীজনে বিশ্বনাথ আৰক্ষীক দেখুৱাবলৈ নিছিল ব্ৰাহ্মপুত্ৰ নদীৰ কেটেং টাপুত অস্ত্ৰ-শস্ত্ৰ আৰু গঁড়ৰ খড়্গ।

আৰক্ষীৰ লগত যোৱাৰ সময়ত কুখ্যাত গঁড় চিকাৰীজনে আৰক্ষীৰ চকুত ধূলি দি হেণ্ডকাপসহ ব্ৰাহ্মপুত্ৰ নদীত জাপ দি পলায়ন কৰিছিল। তেতিয়াৰ পৰাই সন্ধানহীন হৈ থকা কুখ্যাত গঁড় চিকাৰী আচমত আলী ওৰফে নালকুৰ মৃতদেহ শুকুৰবাৰে সন্ধিয়াৰ ভাগত ব্ৰহ্মপুত্ৰ নদীত বিশ্বনাথ নদী আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল। শনিবাৰে বিশ্বনাথ জিলা আৰক্ষী শীৰ্ষ পৰ্যায়ৰ এটা দল, বন বিভাগ আৰু নদী আৰক্ষীয়ে চক্ৰবিষয়াৰ উপস্থিতিত কুখ্যাত গঁড় চিকৰীজনৰ মৃতদেহ উদ্ধাৰ কৰে।

৭ দিনৰ পিছত শুকুৰবাৰে নিশা বিশ্বনাথ নদী আৰক্ষীয়ে কুখ্যাত গঁড় চিকাৰীজনৰ মৃতদেহ প্ৰতক্ষ্য কৰিছিল যদিও নিশাৰ আন্ধাৰৰ বাবে আৰক্ষী তথা বন বিভাগৰ দলে উক্ত স্থানৰ পৰা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। শনিবাৰে পুৱাৰ ভাগত বিশ্বনাথ আৰক্ষীৰ এক উদ্ধাৰকাৰী দলে মৃতদেহটো সেই স্থানৰ পৰা উদ্ধাৰ কৰি বিশ্বনাথ ঘাটৰ নদী আৰক্ষী থানালৈ লৈ আনে।