নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও পঞ্চায়তত অনুষ্ঠিত কৰা হ’ব এই কৃষক সজাগতা সভা। সজাগতা সভা অনুষ্ঠানত উপস্থিত থাকে জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি।

বৃহস্পতিবাৰৰ পৰা নলবাৰী জিলাত জিলা কৃষি বিষয়া কাৰ্যলয়ৰ উদ্যোগত সাত দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা আচঁনিৰ অধীনত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি কৰা হয়। ৭ ডিচেম্বৰলৈ চলিব লগীয়া এই সজাগতা সভা জিলাখনত মুঠ ৬৫ খন গাঁও পঞ্চায়ত অনুষ্ঠিত কৰা হ’ব। প্ৰথম দিনা ৭ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ খন গাঁও পঞ্চায়তত অনুষ্ঠিত হয় এই কৃষক সজাগতা সভা।

বৃহস্পতিবাৰে ১১ নং দেহৰকুছি আৰু ৪৭ নং উপৰ বৰভাগ গাঁও পঞ্চায়তত জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি আৰু মহকুমা কৃষি বিষয়া মুনীন্দ্ৰ কুমাৰ শৰ্মা উপস্থিত থাকি ফচল বীমা যোজনা আচঁনিৰ সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। সজাগতা সভাত কৃষক সকলক ফচল বীমা যোজনা আঁচনি সম্পৰ্কে দুয়ো গৰাকী বিষয়াই সুন্দৰকৈ বিৱৰণ দিয়াৰ লগতে কৃষক সকলৰ মাজত এই আঁচনি সন্দৰ্ভত থকা শংকা সমূহ আঁতৰ কৰে।

উল্লেখ্য যে ফচল বীমা কৰিলে কৃষকে কেনেধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব, কিমান পৰিমাণৰ লাভা লাভ পাব লগতে ফচল বীমা কৰাতো কৃষক সকলৰ বাবে কিমান প্ৰয়োজন আদি বিষয় সন্দৰ্ভত কৃষি বিভাগৰ দুয়ো গৰাকী বিষয়াই কৃষক সকলক অৱগত কৰে আৰু লগতে কৃষক সকলক শস্য বীমা কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ উপৰিও বিভাগীয় বিভিন্ন আঁচনি সমুহৰ বিষয়েও কৃষক সকলক অৱগত কৰে।

এই সজাগতা সভাতে বহু কৃষকে ফচল বীমা যোজনাৰ আঁচনি গ্ৰহণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। উল্লেখ্য যে নলবাৰী জিলা কৃষি বিভাগৰ ফলৰ পৰা জিলাখনৰ কৃষক সকলক উপকৃত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে জিলাখনৰ কৃষক সকলক সৰিয়হৰ বৈজ্ঞানিক উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।