গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান ঘটাই মাথোঁ অনলাইনযোগেহে অনুমতি প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হ’ব (Online facility for House Construction Permission)। প্ৰথমাৱস্থাত ৰাজ্যখনৰ মাষ্টাৰপ্লেনৰ আওতাত পৰা চহৰসমূহতহে এই ব্যৱস্থা আৰম্ভ কৰা হ’ব যদিও ক্ৰমান্বয়ে সকলো চহৰতে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব।

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ সৈতে তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন প্ৰমুখ্যে পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ বিষয়ববীয়াসকলৰ এক বৈঠকত আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বুধবাৰে মন্ত্ৰীগৰাকীয়ে স্বচ্চ ভাৰত মিচন, প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল) আৰু জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আন কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ এই বিভাগসমূহৰো বিভিন্ন কাম-কাজৰ খতিয়ান লয়। পৌৰ প্ৰশাসন সঞ্চালকালয়ৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰী অশোক সিংহলে ‘অসম একীকৃত গৃহ নিৰ্মাণ উপ-বিধি ২০২২’ (অসম ইউনিফাইড বিল্ডিং বাই ল, ২০২২)ৰ যথোপযুক্ত ৰূপায়ণ সুনিশ্চিত কৰা, গৃহ নিৰ্মাণৰ অনুমতি মাছুল সংহত কৰা তথা নগৰাঞ্চলৰ প্ৰতিখন নিকায়কে একীকৃত ৱেব পৰ্টেলৰ সুবিধাৰে সামৰি লোৱাৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।

আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন পৌৰ এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল)ৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ কেইখনমান জিলা যেনে শোণিতপুৰ, তিনিচুকীয়া, বৰপেটা, ডিব্ৰুগড়, কাৰ্বি আংলং আদিত আঁচনিৰ কাম-কাজৰ লেহেমীয়া গতিত উদ্বিগ্নতা প্ৰকাশ কৰি চলিত বিত্তীয় বৰ্ষৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত গৃহসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ বৈঠকৰ পৰাই সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তসকলক টেলিফোনযোগে নিৰ্দেশ দিয়ে। মন্ত্ৰী অশোক সিংহলে স্বচ্চ ভাৰত মিচন, অসমৰ কাম-কাজৰ বুজ লৈ ৰাজ্যখনৰ ৪২ খনকৈ নগৰত মিচনৰ অধীনত ৰূপায়িত হ’বলগীয়া গোটা আৱৰ্জনা নিস্কাশন ব্যৱস্থাপনা প্ৰকল্পৰ পৰ্যালোচনা কৰে।

আৱৰ্জনাসমূহৰ উপযুক্ত ব্যৱস্থাপনাৰ স্বাৰ্থত কমেও অনাগত ৩০ বছৰৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা হাতত ল’বলৈ আৰু নগৰসমূহৰ জনসংখ্যা অনুপাতে আৱৰ্জনা নিস্কাশন ব্যৱস্থাপনা প্ৰকল্পৰ বাবে প্ৰয়োজনীয় ভূমিৰ পৰিমাণ নিধাৰ্ৰণ কৰিবলৈ তেওঁ স্বচ্চ ভাৰত মিচন, অসমৰ অভিযান সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে। আনহাতে, জলসিঞ্চন বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছী, আয়ুক্ত-সচিব মনিৱন্ননৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকত মন্ত্ৰী অশোক সিংহলে বিভাগটোৰ কাম-কাজসমূহৰো নিয়মীয়া পৰ্যালোচনা কৰে।