গুৱাহাটী : পৰিষ্কাৰ পৰিচ্ছন্নতাৰ (Cleaning Drive) ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এন চি চি’ৰ কেডাৰসকলৰ বিশেষ পদক্ষেপ। এন চি চি’ৰ গুৱাহাটী গোটে মহানগৰী গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত লাচিত ঘাটত পৰিষ্কাৰ পৰিচ্ছন্নতাকলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এক অভিযান চলায়।আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ সহযোগত এই সজাগতা অভিযান চলোৱা হয়।

কামৰূপ গ্ৰাম্য আৰু বৰপেটা জিলাৰ ১০ খন মহাবিদ্যালয়ৰ পৰা ২০০ তকৈও অধিক এনচিচি’ৰ কেডাৰে আন ৩০ জন কৰ্মচাৰীৰ সৈতে এই মহৎ উদ্দেশ্যত অংশগ্ৰহণ কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান বৃহস্পতিবাৰে ৰাতিপুৱা ৮ বজাত আৰম্ভ হৈছিল আৰু প্ৰায় ১১ বজাতএই অভিযানৰ সমাপ্ত হয়। অংশগ্ৰহণকাৰী সকলে ৰাইজৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্নতাকলৈ সজাগতা সৃষ্টিৰ বাবে এই অভিযানত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈ পৰে। দলবোৰক নদীৰ পাৰৰ অবর্জনা সমূহ আঁতৰাবলৈ নদীৰ পাৰতে এক নিৰ্দিষ্ট এলেকা আৱণ্টন কৰা হৈছিল।

উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ গুৱাহাটী মহানগৰী দেশৰ দ্ৰুততম বিকশিত চহৰসমূহৰ ভিতৰত এখন, এই চহৰখনক পৰিষ্কাৰ চহৰ হিচাপে মানুহৰ মাজলৈ নিয়াটো প্ৰতিজন নাগৰিকৰ দায়িত্ব বুলি কয় অংশগ্ৰহণকাৰী সকলে। অতি কম সময়ৰ ভিতৰতে সমগ্ৰ লাচিত ঘাট অঞ্চলটো পৰিষ্কাৰ কৰি সকলো অবর্জনা আঁতৰ কৰে অংশগ্ৰহণকাৰী সকলে। লাচিত ঘাটৰ সৌন্দৰ্য্য বৃদ্ধি কৰাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শ শ গছপুলিও ৰোপণ কৰে অংশগ্ৰহণকাৰী সকলে।

লাচিত ঘাটত উপস্থিত থকা লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে পৰিৱেশ পৰিষ্কাৰ ৰখাটো কিয় প্ৰয়োজন আৰু প্ৰদূষণ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে অংশকাৰী সকলোকে বুজাই দিয়ে। লাচিত ঘাটত উপস্থিত লোকসকলক পৰিৱেশৰ বাবে ক্ষতিকাৰক প্লাষ্টিক আৰু অন্যান্য পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰ কেনেদৰে হ্ৰাস কৰিব পাৰে সেই বিষয়েও পৰামৰ্শ দিয়ে অংশগ্ৰহণকাৰী সকলে।

মানুহৰ এটা সৰু গোটেও একত্ৰিত হৈ চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ কৰি এক বিশাল পৰিৱৰ্তন আনিব পাৰে, এই অভিযানৰ জৰিয়তে প্ৰমাণিত হয়। প্ৰতিজন ব্যক্তিৰ কাৰ্যই আমাৰ পৰিৱেশত কেনেদৰে স্থায়ী প্ৰভাৱ পেলাব পাৰে সেই বিষয়টোও এই অভিযানৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছিল। অংশগ্ৰহণকাৰী সকল কেৱল নিজেই এই অভিযানত অংশ নাছিল, আনকো পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ অনুপ্ৰাণিত কৰিছিল।