কোকৰাঝাৰ, ২৮ জুলাইঃ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দহলাপাৰাত আৰক্ষীয়ে অভিযানত চলাই এজন এনডিএফবি(স) সদস্য আটক কৰে৷ আৰক্ষীয়ে এনডিএফবি(স) সদস্য জনৰ পৰা পিষ্টলসহ তিনিজাই সজীৱ গুলী আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰে৷ প্ৰাপ্ত তথ্য মতে, কোকৰাঝাৰ আৰক্ষীয়ে দহলাপাৰাত উগ্ৰপন্থীৰ এটা দলে আশ্ৰয় লৈ থকাৰ তথ্য লাভ কৰকে৷ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত উগ্ৰপন্থীৰ দলটোৱে আশ্ৰয় লৈ থকা ঘৰটো চাৰিওপিনৰ পৰা ঘেৰি আত্মসমৰ্পণ আহ্বান জনায়। কিন্তু উগ্ৰপন্থী সদস্যসকলে  পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে এজন কেডাৰক আটক কৰে৷ কেডাৰজনে অঞ্চলটোৰ এজন ব্যৱসায়ীৰ পৰা ১৫ লাখ নগদ ধন দাবী কৰাৰ কথা স্বীকাৰ কৰে৷ জানিব পৰা মতে, আটকাধীন এনডিএফবি কেডাৰজন যোৱা ২৫ জুলাইত আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত এনডিএফবি কেডাৰ তথা কোকৰাঝাৰৰ পাটগাঁওৰ  ১১ নং মালিগাঁওৰ জানিমুন বসুমতাৰী ওৰফে বি.গালৰৰ সতীৰ্থ আছিল৷