বাঘবৰ, ২৮ জুলাইঃ বৰপেটাৰ বাঘবৰত বিধ্বস্ত বাট পথে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে৷ বাঘবৰ জনপ্ৰতিনিধি সলনি হৈছে কিন্তু সলনি হোৱা নাই বাট পথৰ বিধ্বস্ত ৰূপ। বাঘবৰৰ শিলোচী পথাৰৰ পৰা মিলিজুলি হৈ জিলা সদৰলৈ যোৱা একমাত্র পথটো বৰ্তমানলৈ সম্পূৰ্ণ নহ’ল। পথটো মাজত পুখুৰী সদৃশ গাত।  যাৰ ফলত বছৰৰ পিছত বছৰ ধৰি  যাতায়তৰ নামত নৰক যন্ত্ৰণা ভুগিব লগা হৈছে বাঘবৰ, সত্ৰকণৰা, মানিকপুৰ, ৰামাপাৰা, সোণাবাড়ীসহ কেইবাখনো পঞ্চায়তৰ জনতাই। বাঘবৰত পৰ্যাপ্ত বাট পথ নথকাত বাঘবৰৰ পৰা বহৰি মাথাউৰিয়েদি ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে৷ অৱশ্যে মাথাউৰিটোৰো অৱস্থাও জৰাজীৰ্ণ। বিদ্ধস্ত পথত প্ৰায়ে দুৰ্ঘটনাও সংঘটিত হয়৷ বাঘবৰবাসীয়ে শীঘ্ৰে চৰকাৰৰ পথটোৰ মেৰামতি নকৰিলে আগন্তুক নিৰ্বাচনত  ইয়াৰ যোগ্য প্ৰতুত্তৰ দিয়াৰ হুংকাৰ দিয়ে৷