নিউজ ডেস্ক : নেপালত যাত্ৰীবাহী বিমান দুর্ঘটনাগ্ৰস্ত (Nepal Plane Crash)। নেপালৰ পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ৭২ জনীয়া যাত্ৰীবাহী বিমান। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু সম্প্ৰতি বিমানবন্দৰটো বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় লোকো বিমানখনত আছিল। 

নেপালৰ সংবাদ মাধ্যম অনুসৰি, মুঠ ৬৮ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ কঢ়িয়াই অনা য়েটি এয়াৰলাইন্সৰ বিমানখন পুৰণি বিমানবন্দৰ আৰু পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয়। য়েটি এয়াৰলাইন্সৰ মুখপাত্ৰ সুদৰ্শন বৰতৌলাই যাত্ৰীবাহী বিমান দুর্ঘনাগ্ৰস্ত হোৱাৰ কথা নিশ্চিত কৰিছে। তথ্য অনুসৰি দেওবাৰে পুৱা কাষ্টমাণ্ডুৰ পৰা পোখাৰালৈ যোৱা য়েটি এয়াৰলাইন্সৰ এ টি আৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় কাস্কি জিলাৰ পোখাৰাত।

য়েটি এয়াৰলাইন্সৰ মুখপাত্ৰ সুদৰ্শন বৰতৌলাই জানিবলৈ দিয়ে যে পুৰণি বিমানবন্দৰ আৰু পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত মুঠ ৬৮ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ আছিল। সামাজিক মাধ্যমত প্ৰকাশ পোৱা ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে দুৰ্ঘটনাস্থলীৰ পৰা ধোঁৱাৰ ঢৌ উঠিছে। দুৰ্ঘটনাস্থলীত হেলিকপ্টাৰেৰে উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে।

ইফালে নেপাল আৰক্ষীয়ে জানিবলৈ দিয়ে যে বিমানখনত আকাশতে জুই লাগিছিল আৰু ইয়াৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি বেয়া বতৰৰ মাজতে পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিবলৈ গৈ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। পোখাৰা বিমানবন্দৰৰ অঞ্চলটো পাহাৰেৰে আগুৰি আছে।

বিমানখন ৰাণৱেত অৱতৰ্ন কৰাৰ পিছতে দাওদাওকৈ জ্বলি উঠিছিল। জানিব পৰা মতে বৰ্তমানলৈকে ৪০ টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুর্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৫ জনকৈ ভাৰতীয় লোকো আছিল বুলিও জানিব পৰা গৈছে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও বেয়া বতৰৰ ফলত এই দুর্ঘটনা হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।