গুৱাহাটী, ১৬ ছেপ্টেম্বৰ, ২০২৩ : শেহতীয়াকৈ অ’ টি টি (OTT) প্লেটফৰ্মত মুক্তিলাভৰ বাবে সেউজ সংকেত লাভ কৰিছে এখন অসমভিত্তিক চলচ্চিত্ৰ ‘কাণ্ডাৰী’য়ে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত সংবাদ মাধ্যম আৰু বিশিষ্ট অতিথিসকলৰ উপস্থিতিত চলচ্চিত্ৰখনে মুক্তিলাভ কৰে।অসমীয়া আৰু হিন্দী ভাষাত একেলগে মুক্তি পোৱা কাণ্ডাৰী এতিয়া চিএনডি প্লেত উপলব্ধ।

পৰিচালক আৰ কেৰ প্ৰথম পৰিচালনাৰে নিৰ্মিত আৰু গুঞ্জন ভৰদ্বাজ, উদয়ন দুৱৰা, চিন্ময় কটকী, নিশা কাশ্যপ, প্ৰদীপ নিচিথ তথা প্ৰথমবাৰৰ বাবে অভিনেত্ৰী হিচাপে ৰূপালী পৰ্দাত ভৰি থোৱা নিতুমণি সিংহ অভিনীত চলচ্চিত্ৰখনৰ মূল কাহিনীটো এটা হত্যাৰ ৰহস্য হিচাপে আগবঢ়াই লৈ যোৱা হৈছে। চলচ্চিত্ৰখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত নৱাগতা অভিনেত্ৰী নিতুমণি সিংহক অতিথিবৃন্দই ভূয়সী প্ৰশংসা কৰে আৰু নিজৰ শ্বাসৰুদ্ধকাৰী অভিনয়েৰে তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

জনপ্ৰিয় অভিনেতা উৎপল দাসৰ সৈতে এটা সংগীত ভিডিঅ’ৰে অভিনয় জীৱন আৰম্ভ কৰা অভিনেত্ৰী গৰাকীয়ে পৰৱৰ্তী সময়ত বহুতো সফল সংগীত এলবাম আৰু ধাৰাবাহিকত নিজৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। চলচ্চিত্ৰখনৰ পৰিচালক আৰ কেও তেওঁৰ পৰিচালন দক্ষতা আৰু কাহিনী কথন প্ৰক্ৰিয়াৰ বাবে উচ্চ প্ৰশংসিত হয়। আৰ কে আৰু জুলফিকাৰ পাৰভিজৰ চিত্ৰনাট্য আৰু সংলাপেৰে প্ৰস্তুত চলচ্চিত্ৰখনৰ ডিঅ’পি হৈছে বিটুল দাস।

সহকাৰী চিনেমাটোগ্ৰাফাৰ মাধুৰ্য্য ডেকা, শ্যামল দাসৰ ডিআই আৰু সম্পাদনা, ৰিদীপ দাসৰ সংগীত আৰু দীপক চেত্ৰীৰ কুশল সঞ্চৰণশীলতাই চলচ্চিত্ৰখনৰ মান উন্নত কৰিছে। ইয়াৰোপৰি, গুৱাহাটীস্থিত জনসম্পৰ্ক সংস্থা ছেভেন চেঞ্চ কমিউনিকেশ্বনৰ প্ৰতিষ্ঠাপক শুভংকৰ বেনাৰ্জীয়ে সমগ্ৰ পৰিকল্পনাটোৰ সৈতে সংগতি ৰাখি এগৰাকী সবল জনসম্পৰ্কৰক্ষীৰ ভূমিকা পালন কৰে।