গুৱাহাটী, ১৬ ছেপ্টেম্বৰ, ২০২৩ : ৰে’ল যাত্ৰীৰ সুবিধাৰ্থে, ১৪ ছেপ্টেম্বৰৰ পৰা ৰে’ল নং ১৩১৪৮/১৩১৪৭ (বামনহাট-শিয়ালদহ-বামনহাট) উত্তৰ বংগ এক্সপ্ৰেছ (North Bengal Express) ৰে’ লখনৰ কুমেদপুৰ জংচন ষ্টেচনত আৰু ১৫ ছেপ্টেম্বৰৰ পৰা ৰে’ল নং ১৩১৪২/১৩১৪১ (নিউ আলিপুৰদুৱাৰ-শিয়ালদহ-নিউ আলিপুৰদুৱাৰ) তিস্তা তোৰ্চা এক্সপ্ৰেছ ৰে’লখনৰ ডালখোলা ষ্টেচনত দুই মিনিটৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে। ১৪ ছেপ্টেম্বৰ তাৰিখে পশ্চিম বংগৰ কুমেদপুৰ জংচন ষ্টেচনত নতুন ষ্টপেজৰ সৈতে উত্তৰ বংগ এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে লোকসভাৰ সাংসদ খগেন মুৰ্মুৱে।

১৫ ছেপ্টেম্বৰ তাৰিখে ডালখোলা ষ্টেচনত নতুন ষ্টপেজৰ সৈতে তিস্তা তোৰ্চা এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে লোকসভাৰ সাংসদ দেৱশ্ৰী চৌধুৰীয়ে। উক্ত অনুষ্ঠানত মণ্ডলৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল। ৰেল নং ১৩১৪৮ (বামনহাট-শিয়ালদহ) উত্তৰ বংগ এক্সপ্ৰেছ ৰে’লখন ২০.২০ বজাত কুমেদপুৰ ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২০.২২ বজাত প্ৰস্থান কৰিব।

ৰে’ল নং ১৩১৪৭ (শিয়ালদহ-বামনহাট) উত্তৰ বংগ এক্সপ্ৰেছ ৰে’লখন ০৩.৩৮ বজাত কুমেদপুৰ ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৩.৪০ বজাত প্ৰস্থান কৰিব। ৰে’ল নং ১৩১৪২ (নিউ আলিপুৰদুৱাৰ-শিয়ালদহ) তিস্তা টোৰ্চা এক্সপ্ৰেছ ৰে’লখন ১৭.২৬ বজাত ডালখোলা ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৭.২৮ বজাত প্ৰস্থান কৰিব। ৰে’ল নং ১৩১৪১ (শিয়ালদহ-নিউ আলিপুৰদুৱাৰ) তিস্তা তোৰ্চা এক্সপ্ৰেছ ৰে’লখন ০০.০৮ বজাত ডালখোলা ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০০.১০ বজাত প্ৰস্থান কৰিব।

দুয়োখন ৰে’লৰ এই নতুন ষ্টপেজে ৰাজ্যৰ ৰাজধানীৰ সৈতে সংশ্লিষ্ট অঞ্চলসমূহৰ ৰে’ল যাত্ৰীসকলৰ ৰে’ল ভ্ৰমণৰ বাবে আন এটা বিকল্প প্ৰদান কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিৱৰণ আইআৰচিটিচি ৱেবছাইট আৰু এনটিইএছৰ জৰিয়তে উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰাৰ বাবে ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হয়।