গুৱাহাটী, ১৭ ছেপ্টেম্বৰ, ২০২৩ : বিশ্বৰ সকলো উন্নত ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Narendra Modi) নেতৃত্বৰ দক্ষতা, যোগ্যতা, দৃঢ়তা, একগ্ৰতা, সততাক ভূয়সী প্ৰশংসা কৰিছে। বিগত ৯ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশৰ ভাবিব নোৱাৰাকৈ পৰিৱৰ্তন হৈছে। বিশ্বৰ মানৱতাৰ বাবে লোৱা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ ভাৰতবাসী গৌৰৱান্বিত। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে।

নিজৰ হাত আৰু সঁজুলিৰে অপূৰ্ব সৃষ্টিকৰ্মত জড়িত হৈ স্বাবলম্বন হোৱা কাৰু শিল্পী-খনিকৰ সকলক শুভেচ্ছা জনাই মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকক আত্মনিৰ্ভৰ তথা সৱলীকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনৰ পৰাই দেশবাসীক সেৱাৰ মানসিকতাৰে নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিষ্ঠাৰে প্ৰতিখন আঁচনি গ্ৰহণ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত ইয়াৰ সঠিক ৰূপায়ণ আৰু মূল্যায়ন কৰিলে। যাৰ ফলত ভাৰতবৰ্ষৰ শক্তি বৃদ্ধি কৰিলে। আগন্তক ২০৪৭ চনত ভাৰবৰ্ষৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ সকলো প্ৰান্তত অনুষ্ঠান আয়োজন কৰি গৌৰৱেৰে ভাৰতৰাষ্ট্ৰৰ গুণানুকীৰ্তন কৰি বিশ্বৰ আঠশ কোটি জনতাক কব লাগিব যে আমিয়েই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ ভাৰতবৰ্ষ।

ইপিনে অনুষ্ঠানৰ মূল উদ্যোক্তা তথা উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গঢ়িব খোজা আত্মনিৰ্ভৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত পিএম বিশ্বকৰ্মা আঁচনিখন সঁচা অৰ্থত আমাৰ কাৰু শিল্পী-খনিকৰ সকলৰ বাবে সাহস আৰু আত্মপ্ৰত্যয়ৰ ঠিকনা হৈ ৰব। উল্লেখযোগ্য যে নতুন ভাৰতত বিশ্বকৰ্মা সকলৰ দক্ষতাক সন্মান জনোৱাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত ইণ্ডিয়া ইণ্টাৰনেচনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত পিএম বিশ্বকৰ্মা আঁচনিখনৰ শুভ উদ্বোধন কৰে। ইয়াৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ এই অনুষ্ঠান ভাৰ্চুৱেলী প্ৰদৰ্শন কৰা হয়।

মন কৰিবলগীয়া বিষয় এয়ে যে ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা কেন্দ্ৰীয় ধ্বজাবাহী আঁচনিসমূহৰ অন্যতম পিএম বিশ্বকৰ্মা আঁচনি। সৰ্বমুঠ ১৩, ০০০ কোটি টকাৰ পৰা ১৫,০০০ কোটি টকা ধাৰ্য কৰা এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য হৈছে নিজ হাত আৰু সঁজুলিৰে কাম কৰি পৰম্পৰাগত দক্ষতাৰে চলাই অহা পৰিয়াল আধাৰিত অনুশীলনক অধিক শক্তিশালী আৰু প্ৰতিপালন কৰা। ইয়াৰ দ্বাৰা শিল্পী-কাৰিকৰ-খনিকৰৰ সামগ্ৰী আৰু সেৱাৰ মান উন্নতি কৰি কাৰু শিল্পকৰ্মক অধিক সমৃদ্ধিশালী কৰি তোলা।

পিএম বিশ্বকৰ্মা আঁচনিখনে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰ অঞ্চলৰ মুঠ ১৮ বিধ কাৰিকৰী শিল্প বিদ্যাক সামৰি লৈছে। সেইকেইটা হৈছে কাঠমিস্ত্ৰী, নাওঁ নিৰ্মাতা, কুমাৰ, কৱচ গঢ়োতা, কমাৰ, হাতুৰী আৰু টুল কিট নিৰ্মাতা, ভাস্কৰ্য শিল্পী, তলা নিৰ্মাতা, সোণাৰী, মুচি, ৰাজমিস্ত্ৰী,কঠ/পাচি/কাৰু নিৰ্মাতা, কয়ৰ শিল্পী, পুতলা আৰু পৰম্পৰাগত খেলৰ সামগ্ৰী নিৰ্মাতা, মাছ ধৰা জাল নিৰ্মাতা, নাপিত, ধোবা, ফুলৰ মালা নিৰ্মাতা আৰু দৰ্জী। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা , ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ চমুকৈ ” ছীটা”ৰ উপাধ্যক্ষ, ৰমেন ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, উদ্যোগ বিভাগৰ সচিব ড° লক্ষ্মণম প্ৰমুখ্যে বিভাগটোৰ অন্যান্য শীৰ্ষ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।