গুৱাহাটী, ২৮ জুন, ২০২৩ : বুধবাৰে (২৮ জুন) মহানগৰীস্থিত অনুৰাধা চিত্ৰগৃহত (Anuradha Cinema) নতুন অসমীয়া চলচ্চিত্ৰ ‘দ্য শ্লেমবুক’ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হৈ যায়৷ শুকুৰবাৰে (৩০ জুন) অসমৰ সকলো চিত্ৰগৃহতে মুক্তিলাভ কৰিব নতুন অসমীয়া চলচ্চিত্ৰখনে৷ আনহাতে, ১৯৮৩ চনত জন্মলাভ কৰা অসমৰ বিশাল প্ৰডাকচন হাউচ এন কে প্ৰডাকচনে গৰকিলে ৪০ টা বসন্ত৷ চল্লিশবছৰীয়া এই মধুৰ ক্ষণত প্ৰডাকচন হাউচটোৱে প্ৰত্যেকবাৰৰ দৰেই এইবাৰো দুগৰাকী নৱাগত অভিনেতা আৰু অভিনেত্ৰীৰে অসমৰ ৰাইজক উপহাৰ দিবলৈ ওলাইছে ‘দ্য শ্লেমবুক’৷

অসমীয়া সাংস্কৃতিক জগতখনিত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা অসমৰ আগশাৰীৰ প্ৰডাকচন হাউচৰ স্বত্বাধীকাৰী তথা প্ৰযোজক দেৱ বৰকটকীয়ে প্ৰযোজনা কৰিছে চলচ্চিত্ৰখন৷ কাহিনী-পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ৷ চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ৷ ‘যৌৱনৰ জপনা খোলোঁতেই বুকুত যেতিয়া প্ৰেমে বুৰবুৰণি দিবলৈ আৰম্ভ কৰে, ঠিক তেতিয়াই এহাল যুৱক-যুৱতীৰ মিলন হয়৷ প্ৰেমৰ পথাৰত তেতিয়াই যেন ফুলি উঠে হেজাৰ হেজাৰ ৰজনীগন্ধা৷ চৌদিশে বিয়পি পৰে ভালপোৱাৰ সুবাস৷ কিন্তু হেজাৰ চেষ্টা কৰিলেও আপেক্ষিক এই ভালপোৱাৰ মাজতেই আহি পৰে বিচ্চেদৰ বহুতো কেঁকুৰী৷ দিশহাৰা হয় প্ৰেম৷ অকালতে মৰহি পৰে প্ৰতিশ্ৰুতিৰ প্ৰতিটো গোলাপৰ কলি৷ কিন্তু প্ৰথম প্ৰেমৰ হৃদয় কঁপোৱা সেই উন্মাদনাক জানো পাহৰিব পাৰে কোনোবাই? ভয় নাই, শংকা নাই, প্ৰেমৰ বাবে যাব পাৰো বাটকুৰি বাই৷ তেজে তুমৰলি কোমল কলিজাটো লৈ হেজাৰ কাঁইটকো নেওচি যেন লৈ আনিব পাৰে প্ৰথম প্ৰেমৰ ৰাধাচূড়া৷ প্ৰাপ্তিৰ হেজাৰ বসন্তৰ সুবাস বিলাই ভালপোৱা সোমাই পৰে দুবাহুত৷ কিন্তু কেতিয়াবা নিৰাশ বৰষুণৰ টোপালবোৰ লগ হয় দুচকুত৷ বিৰহৰ তপত চকুলোৱে কোনদিশে ধাৱিত কৰিব পাৰে জীৱন নদী?’ ঠিক এনে এক কাহিনীৰ আধাৰতেই ৰচনা কৰা হৈছে চিত্ৰনাট্যভাগ৷

ৰেড এপিক আৰু ৰেড এম এ’ কেমেৰাৰে চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে৷ মুখ্য সহকাৰী পৰিচালক সপ্তঋষি গৌতম৷ ৰূপসজ্জা কাম্‌ছীৰ৷ কৰিঅ’গ্ৰাফাৰ দীপক দে আৰু উদয় শংকৰ৷ ‘দ্য শ্লেমবুক’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, শ্ৰেষ্ঠা চৌধুৰী, পুনম লহকৰ, সীদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত, চিন্ময় বৰগোহাঁইৰ লগতে বহুতো ন-পুৰণি অভিনয় শিল্পীয়ে৷ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা ‘দ্য শ্লেমবুক’ত সন্বিৱিষ্ট হৈছে চাৰিটিকৈ গীত৷ জুবিন গাৰ্গ, দিগন্ত ভৰতী, শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাই ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, ৰুহিত সোণাৰ, প্ৰবীণ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া আৰু মানস বৰাই৷ ইতিমধ্যে ছবিখনিৰ চাৰিওটি গীতে ব্যাপত সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে৷