গুৱাহাটী, সংবাদ ৩৬৫, ৩০ নৱেম্বৰ : শনিবাৰে অৱসৰ গ্ৰহণ কৰিলে ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ এ পি বি এন কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এক অনুষ্ঠানত বিদায় সম্বৰ্দ্ধনা জনোৱা হয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ।

উল্লেখ কৰিব পাৰি যে ৩১ আগষ্টত অৱসৰৰ দিন আছিল ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ । কিন্তু ৩ মাহৰ বাবে কাৰ্যকাল ৰাজ্য চৰকাৰে বৃদ্ধি কৰি দিছিল ।

ইফালে আই পি এছ ভাস্কৰজ্যোতি মহন্তক নতুন ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। শিৱসাগৰৰ সন্তান ভাস্কৰজ্যোতি মহন্ত ।

বিদায় অনুষ্ঠানটোত উপস্থিত থাকে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ লগতে উচ্চ পদস্থ বিষয়া ।