গুৱাহাটী : অপেক্ষাৰ অন্ত পৰিল। বজাৰলৈ আহিল আগশাৰীৰ স্মার্ট ফোন নির্মাতা অপ’ৰ ৰেণো ৮ চিৰিজৰ ৫ জি স্মাৰ্ট ফোন। মহানগৰীৰ চিটি চেন্টাৰৰ অপ’ এক্সক্লিউছিভ শ্ব’কমত অপ’ ৰেণো ৮ চিৰিজৰ ৫ জি স্মার্ট ফোন আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্রী লোণিশ্রী দাসে। অপ’ ৰেণো ৮ চিৰিজৰ ৫ জি স্মার্ট ফোন মুকলি অনুষ্ঠানত উপস্থিত থাকে অপ’ৰ বিক্ৰী প্ৰৱন্ধক আনিছুজ জামান, শ্ব’ৰূমৰ এলএকআৰ মূৰব্বী সন্দীপ চৌধুৰীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

ৰেণো স্মাৰ্ট ফোন মুকলি কৰি অভিনেত্ৰী লোণিশ্রী দাসে কয় যে অপ’ স্মার্ট ফোন এতিয়া সকলোৰে এক সপোনৰ স্মাৰ্ট কোন হৈ পৰিছে। সকলো ক্ষেত্ৰতেই শীর্ষ স্থানত আছে অপ’ স্মার্ট ফোন। অপ’ ৰেণো ৮ প্ৰীত উপলব্ধ হৈছে মেৰি চিলিকন এক্স ইমাজিন এনপিইউ, ৪ কে আলট্রা নাইট ভিডিঅ’, ডাইমেনচিটি ৮১০০ ফো, ৮০ বাটৰ চুপাৰভিইউচি, ৪ বছৰৰ অতিৰিক্ত দীৰ্ঘম্যাদী বেটাৰী আৰু ১২০ হার্জ ৰিজে ৰেট। যুৱক-যুৱতী তথা মহিলা আৰু কৰ্মৰত পেচাদৰী লোক সকলৰ বাবে এয়া এক সঠিক স্মার্ট ফোন। উত্তৰ-পূবত এই স্মার্ট ফোনে বিশেষভাৱে বজাৰ দখল কৰিব বুলি আশা প্রকাশ কৰে অভিনেত্ৰী গৰাকীয়ে।

ইপিনে অনুষ্ঠানটোত বিক্ৰী প্ৰবন্ধক গৰাকীয়ে কয় যে ৰেণো ৮ প্ল’ৰ অৰ্থ হৈছে সকলো শৃঙ্গলাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা। ৰেণো স্মাৰ্ট ফোনত উপলব্ধ হৈছে অত্যাধুনিক ডিজাইন আৰু অত্যাধুনিক প্রযুক্তি। ৰেণো ৮ ৫ জি দুটা শাখাত মুকলি হৈছে। এটা ৰেণো ১০ ৫ জি আৰু এটা ৮ ৫ জি। ৰেণো ৮ বিশেষভাবে ডুবেল চিটছ চেট মাৰি চিলিকন এক্স ইমেজিং এণ্ড পি ইউ বুলি জনাজাত। এই স্মার্ট ফোন বজাৰত মুকলি হৈছে। ৰেণো প্ৰ’ ৪৫৯৯৯/- টকাৰ পৰা বজাৰত উপলব্ধ হ’ব। খুচুৰা বিপনী সমূহত অহা ২৫ জুলাইৰ পৰা উপলব্ধ হ’ব এই স্মার্ট ফোন। একেদৰে ৰেণো ৮ ৫ জি স্মার্ট ফোন বজাৰত উপলব্ধ হ’ব ২৯৯৯৯/- টকাৰ পৰা।