আজিজ আলী
মুকালমুৱা : নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তর্গত কছুৱাত চাঞ্চল্যকৰ হত্যাকাণ্ড। খেতি কৰাক কেন্দ্ৰ কৰি এজন লোকক হত্যা। খেতি পথাৰতে এজন লোকে আন এজনক কোৱাই হত্যা কৰিলে। হত্যাকাৰীজনেও বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলায়।

নলবাৰী জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তর্গত কছুৱাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। জানিব পৰা মতে প্ৰণৱ মেধী নামৰ এজন লোকে বসন্ত মেধী নামৰ এজন লোকক হত্যা কৰে। খেতি কাৰক কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়।

প্ৰণৱ মেধী আৰু বসন্ত মেধী নামৰ লোক দুজনৰ কাজিয়া পৰৱৰ্তী সময়ত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু খেতি পথাৰতে বসন্ত মেধীক কোৱাই হত্যা কৰে প্ৰণৱ মেধীয়ে। প্ৰণৱ মেধীৰ কোৱত অহাত বসন্ত মেধীক ততাতয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে।

গুৱাহাটীত চিকিৎসালয় পোৱাৰ পূৰ্বেই আধা বাটতে মৃত্যুৰ মুখত পৰে বসন্ত মেধী৷ ইফালে বসন্ত মেধীৰ মৃত্যুৰ খবৰ পাই আত্মহত্যাৰ চেষ্টা চলায় প্ৰণৱ মেধীয়ে। বিষপান কৰি আত্মহত্যাৰ চেষ্টা চলোৱা প্ৰণৱ মেধীক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত দৌলাশাল আৰক্ষী উপস্থিতি হৈ তদন্ত আৰম্ভ কৰিছে।