গুৱাহাটী : গুৱাহাটীত চি এফ মোটোৰ প্ৰথমটো স্প’ৰ্টছ বাইক শ্ব’ৰুম মুকলি। প্ৰিমিয়াম স্পৰ্টছ বাইক ব্ৰেণ্ড, চিএফ মোটোৱে গুৱাহাটীত নিজৰ শ্ব’ৰুম মুকলি কৰিছে। সদ্যহতে গুৱাহাটীৰ চান্দমাৰীস্থিত শ্ব’ৰুমত ৩০০ এনকে, ৬৫০ এনকে, ৬৫০ এমটি, ৬৫০ জিটিৰ দৰে মডেল মুকলি কৰিছে।

অসমীয়া ছবি জগতৰ ছুপাৰষ্টাৰ ৰবি শৰ্মাই শ্ব’ৰুমটো উদ্বোধন কৰে। ছুপাৰষ্টাৰ ৰবি শৰ্মাই কয়, “উত্তৰ-পূবৰ বাইক প্ৰেমী সকলৰ বাবে, বিশেষকৈ গুৱাহাটীৰ বাবে এইটো এটা ডাঙৰ দিন, মেনেজমেণ্টলৈ বহুত অভিনন্দন, ইয়াৰ জৰিয়তে আমি সকলোৱে বাইক চালনাৰ অত্যন্ত সুখকৰ অভিজ্ঞতা লাভ কৰিম বুলি মই নিশ্চিত।”

অনুষ্ঠানটোত চিএফ মোটোৰ মুখ্য কাৰ্যবাহী বিষয়া ভামশী কৃষ্ণাই কয়,”উত্তৰ-পূবৰ মূখ্যদ্বাৰ হিচাপে চিহ্নিত গুৱাহাটীত চিএফ মোটোৰ প্ৰথমটো শ্ব’ৰুম মুকলি কৰি আমি অতি উৎসাহিত আৰু আনন্দিত, আগন্তুক সময়ত আমি আমাৰ সন্মানীয় গ্ৰাহক সকলৰ প্ৰয়োজনীয়তা আৰু চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ম বুলি মই নিশ্চিত। অনাগত দিনবোৰত আমি উত্তৰ-পূবৰ আন ৰাজ্যসমূহতো আমাৰ শ্ব’ৰুম স্থাপন কৰিম।”