আজিজ আলী
মুকালমুৱা : ৩ নং চাপ্ৰাপাৰাত বিধ্বংসী অগ্নিকাণ্ড। চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন। কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। এজন লোকৰ ৰান্ধনী ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। 

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলৰ ৩ নং চাপ্ৰাপাৰাত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই বিধ্বংসী অগ্নিকাণ্ডত চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ৩ নং চাপ্ৰাপাৰাৰ আচান আলী নামৰ এজন লোকৰ ৰান্ধনী ঘৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত আচান আলী, ইছমাইল আলী, ৰমিজ আলী আৰু ফৰমান আলী নামৰ লোক কেইজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই চাৰিওটা পৰিয়ালৰ ১০ টাকৈ ঘৰ জুইত জাহ যায়। পৰিয়ালৰ কেইটাৰ সকলো সা-সামগ্ৰী, ভড়াঁলৰ ধানৰ লগতে সকলো নথি-পত্ৰ জুইত ভস্মীভূত হয়।

স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন হয় যদিও পৰিয়াল কেইটাৰ সকলো সা-সামগ্ৰী জুইত ভস্মীভূত হয়। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতি সৃষ্টি হয়। স্থানীয় ৰাইজৰৰ তৎপৰতাৰ ফলত কেইবাটাও বাসগৃহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।