গুৱাহাটী : নতুন আৰম্ভণিৰ মাদকতা যেনেকৈ সকলোতকৈ পৃথক, শক্তিশালী আৰু প্ৰয়োজনীয়, ঠিক একেদৰে ইয়াক পূৰ্ণগতিত, সম্পূৰ্ণ উলহ মালহেৰে উদযাপন কৰাটোও সকলোৰে বাঞ্চনীয়। এক সুন্দৰ আৰম্ভণিয়ে আমাক গোটেই বছৰটো সজীৱ হৈ থকাত সহায় কৰে। উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ পঞ্চ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লু গুৱাহাটীয়ে (Radission Blue) বৰদিন আৰু নৱবৰ্ষৰ উদযাপনৰ জৰিয়তে পৰিৱেশ আৰু বেছি উৎসৱমুখৰ কৰি তুলিছে।  

খাদ্যপ্ৰেমী আৰু ৰেভেলাৰসকলে এই বছৰ খ্ৰীষ্টমাছৰ প্ৰাকক্ষণত ২৪ ডিচেম্বৰত কেফে বি-ইউত “চান্টাষ্টিক” ডিনাৰ আৰু ২৫ ডিচেম্বৰত বিশেষভাৱে প্ৰস্তুত কৰা খ্ৰীষ্টমাছ ব্ৰাঞ্চৰ জৰিয়তে আটকধুনীয়াকৈ ছুটীৰ দিনবোৰ উদযাপন কৰিব পাৰিব। ইয়াৰ উপৰিও অতিথিসকলে কেফে বি-ইউ আৰু দ্য গ্ৰেট কাবাব ফেক্টৰীত হাউছ ব্ৰেণ্ডৰ দুটা ডাঙৰ স্পিৰিট বা দুটা গিলাচ ৱাইন বা প্ৰতিজন ব্যক্তিৰ বাবে চাৰি পিণ্ট বিয়েৰৰ লগতে ডিনাৰ পেকেজৰ এক আকৰ্ষণীয় ও লোভনীয় অফাৰৰ সৈতে ৩১ ডিচেম্বৰত নৱবৰ্ষৰ প্ৰাক সন্ধিয়াটো ৰেডিচন ব্লু গুৱাহাটীৰ বিলাসী পৰিৱেশত ৰঙীন কৰি তুলিব পাৰে।

এই উৎসৱমুখৰ পৰিৱেশ আৰু অধিক ৰঙীয়াল কৰি তুলিবলৈ বিশেষ লাইভ সংগীতানুষ্ঠান আৰু গালা দিনাৰৰো আয়োজন কৰা হৈছে। পঞ্চ-তাৰকাযুক্ত হোটেলখনে এই সুযোগতে তেওঁলোকৰ অতি সোৱাদযুক্ত, সকলোৰে প্ৰিয় খাদ্য সম্ভাৰেৰে এই বছৰৰ খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ আগমূহুৰ্তত বিশেষ খাদ্য তালিকা প্ৰস্তুত কৰি উলিয়াইছে। ক্ৰেনবেৰী চচৰ সৈতে ৰোষ্ট টাৰ্কি, চিকেন শ্বাৱাৰমা, হানি গ্লেজড ৰোষ্ট পৰ্ক, চীজ ষ্টেচন, মেক্সিকান কাউণ্টাৰ, চেট ষ্টেচন, বিৰিয়ানী কাউণ্টাৰ, ছাম্পচুয়াছ মেইন কোৰ্চ আৰু ইউমি ডেজাৰ্ট যেনে ইউল লগ, প্লাম পুডিং, ষ্টোলেন, মিন্সড পাই  ইত্যাদি মুখৰোচক খাদ্যসম্ভাৰে এই বিশেষ খাদ্য তালিকা শুৱনি কৰিছে।

প্ৰতিজন ব্যক্তিৰ বাবে খ্ৰীষ্টমাছ বুফেৰ হাৰ  কৰৰ সৈতে ২৫৯৯ টকা + আৰু নৱবৰ্ষৰ এলকহলিক ডিনাৰ আৰু ব্ৰাঞ্চ কৰৰ সৈতে ৩৯৯৯ + আৰু নন-এলকহলিক ডিনাৰ আৰু ব্ৰাঞ্চৰ বাবে কৰৰ সৈতে ২৫৯৯টকা + নিৰ্ধাৰিত কৰা হৈছে। গ্ৰাহক সকলে ৰেডিছন ব্লু গুৱাহাটীৰ অপূৰ্ব পৰিৱেশত সুস্বাদু খাদ্য আৰু ক্ৰাফ্ট ককটেইলৰ সৈতে উৎসৱৰ বতৰটো উদযাপন কৰি এইবাৰৰ ডিচেম্বৰ মাহটি স্মৰণীয়, হিচাপে গঢ়ি তুলিব পাৰে। হোটেলখনৰ ৰেষ্টুৰেণ্টসমূহ বৰদিন আৰু নৱবৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ভাৱে উৎসৱৰ ৰঙেৰে সজাই তোলা হৈছে।