নিউজ ডেস্ক : ভয়ংকৰ পথ দুর্ঘটনাত (Road Accident) নিহত ১৬ জনকৈ সেনাৰ জোৱান। সেনাৰ জোৱান কঢ়িয়াই নিয়া বাছ দুর্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰে সেনাৰ জোৱান কঢ়িয়াই নিয়া বাছখন। পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ দুর্ঘটনা।

এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হৈছে ১৬ জনকৈ সেনাৰ জোৱান। শুকুৰবাৰে পুৱাৰ ভাগত ছিক্কিমত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। সেনাৰ জোৱান কঢ়িয়াই নিয়া বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈ এটাত বাগৰি পৰাত থিতাতে নিহত হয় সেনাৰ ১৬ জনকৈ জোৱান। দুর্ঘটনাত কেইবাজনো সেনাৰ জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

পুৱাৰ ভাগত ছিক্কিমৰ লাচেনৰ পৰা তিনিখনকৈ বাছ সেনাৰ জোৱান কঢ়িয়াই গৈ থকা অৱস্থাত জেমাত এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈ এটাত বাগৰি পৰে। সেনাৰ জোৱান কঢ়িয়াই নিয়া বাছ তিনিখন থাংগুলৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলাই কেইবাজনো আহত সেনাৰ জোৱানক উদ্ধাৰ কৰে। আহত জোৱান সকলক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে। নিহত ১৬ জনৰ ভিতৰত ৩ জন সেনাৰ কনিষ্ঠ বিষয়া বুলি জানিব পৰা গৈছে।