ITA Machkhowa : আই টি এ মাছখোৱাত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা

গুৱাহাটী, ১৮ নৱেম্বৰ, ২০২৪ : আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এৰ সভাকক্ষত ৰাইজৰ দলৰ (Raijor Dol) এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈৰ উপস্থিতিত আম আদমি পাৰ্টী, বিজেপি, তৃণমূল কংগ্ৰেছ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, …

Zubeen Garg : ২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ

গুৱাহাটী, ১৮ নৱেম্বৰ, ২০২৪ : জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আজিৰ ওপজা দিনটোক বিশেষ কৰি তুলিলে গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ ( Beltola Bohagi Festival) উদযাপন সমিতিয়ে। অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ সুদীৰ্ঘদিনে আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে আজি এই বিশেষ দিনটোত …

Tennis : গুৱাহাটীত আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ আৰম্ভ

গুৱাহাটী, ১৮ নৱেম্বৰ, ২০২৪ : সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত আয়োজন কৰা বিশ্ব ৰেংকিঙৰ প্ৰতিযোগিতা আই টি এফ (ITF) জুনিয়ৰ (জে-৬০) টেনিছ সোমবাৰৰ পৰা গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত আৰম্ভ হৈছে৷ ১৮ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনৰ প্ৰথমদিনা …

Tennis : সোমবাৰৰ পৰা গুৱাহাটীত আই টি এফ জুনিয়ৰ টেনিছ

গুৱাহাটী, ১৭ নৱেম্বৰ, ২০২৪ : গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত সোমবাৰৰ পৰা আই টি এফ (ITF) জুনিয়ৰ (জে-৬০) টেনিছ প্ৰতিযোগিতা আৰম্ভ হ’ব৷ সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত পূৰ্বৰ দৰে এইবাৰো ১৮ বছৰ অনূধ্বৰ্ৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখন আয়োজন কৰিছে৷ সোমবাৰে …

Dulal Roy : বিশিষ্ট সাংস্কৃতিক কৰ্মী দুলাল ৰয়লৈ চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা ২০২৪ প্ৰদান

গোলাঘাট, ১৭ নৱেম্বৰ,২০২৪ : অপেক্ষাৰ অন্ত পেলাই কালি সংগীত নাটক অকাডেমী (Sangeet Natak Acadami) ৰত্ন সন্মানেৰে বিভূষিত বিশিষ্ট সাংস্কৃতিক কৰ্মী দুলাল ৰয়ক প্ৰদান কৰা হ’ল চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৪। গোলাঘাট জিলাৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাস মহোৎসৱত এক …

Tennis : গুৱাহাটীত আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ

গুৱাহাটী, ১৬ নৱেম্বৰ, ২০২৪ : সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংন্থাৰ সহযোগত পূৰ্বৰ দৰে এই বছৰো গুৱাহাটীৰ চচলস্থিত টেনিছ প্ৰকল্পত দুখনকৈ আই টি এফ (ITF) বিশ্ব ৰেংকিং টেনিছ প্ৰতিযোগিতা আয়োজন কৰিছে৷ বিশ্ব টেনিছ সংঘৰ স্বীকৃত বাৰ্ষিক ক্ৰীড়া সূচীৰ খেল …

Aap : চামগুৰিৰ ১০ টা কেন্দ্ৰত ৰিগিঙৰ অভিযোগ আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ

গুৱাহাটী, ১৬ নৱেম্বৰ, ২০২৪ : উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ। চামগুৰিৰ ১০ টা কেন্দ্ৰত ৰিগিঙৰ অভিযোগ আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ (Manoj Dhanowar)। ভোটগ্ৰহণ কেন্দ্ৰত চিচিটিভি সংস্থাপন নকৰাৰ অভিযোগ আপৰ ৰাজ্যিক সভাপতি গৰাকীৰ। আৰক্ষীৰ গুণ্ডাগিৰিৰ বিৰুদ্ধেও সৰৱ আপৰ ৰাজ্যিক …

Sports : জলজ দুঃসাহসিক ক্ৰীড়াত অসমৰ নাম উজলাইছে গোলাঘাটৰ নিশামণি বৰাই

গুৱাহাটী; ১৫ নৱেম্বৰ, ২০২৪ : অসমৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰি জল ক্ৰীড়া অনুৰাগী ২৩ বছৰীয়া নিশামণি বৰাই (Nishamoni Bora) স্প্ৰিণ্টাৰ হিমা দাস আৰু অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইৰ পদাংক অনুসৰণ কৰি ৰাজ্যৰ প্ৰথমগৰাকী প্ৰমাণিত মহিলা নাৱিক হিচাপে পৰিগণিত হৈছে। …

Suprem Court : বুলড’জাৰ চলোৱাৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ ৰায়লৈ আপৰ আদৰণি

গুৱাহাটী, ১৪ নৱেম্বৰ, ২০২৪ : বুলড’জাৰ চলোৱাৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ ৰায়লৈ আপৰ (Aap) আদৰণি। পুলিচ ৰাজৰ অৱসান বিচাৰিলে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰেম। বুলড’জাৰৰ জৰিয়তে দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে আম …

Children Day : অসমত শিক্ষা আৰু সমাজ কল্যাণৰ উদ্যোগ লৈ কেইৰ্ণৰ শিশু দিৱস উদযাপন

গুৱাহাটী, ১৪ নৱেম্বৰ, ২০২৪ : শিশুৰ দিৱসৰ পূৰ্বে কেইৰ্ণে (Cairn) অসমৰ উদীয়মান শিক্ষাৰ্থীৰ সম্ভাৱনা উদযাপন কৰিবলৈ কেইবাটাও সমাজ কেন্দ্ৰিক পদক্ষেপ গ্ৰহণ কৰে। স্থানীয় সম্প্ৰদায়ৰ বাবে শৈক্ষিক উন্নয়ন আৰু জীৱনৰ মান বৃদ্ধিৰ বাবে কেইৰ্ণৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি এই প্ৰচেষ্টাসমূহৰ ভিতৰত …