ব্ৰহ্মপুত্ৰৰ ভয়াৱহ তাণ্ডৱ: গৰাখহনীয়াত জাহ গ’ল কেইবাখনো গাঁও: বহু সা-সম্পত্তি ব্ৰহ্মপুত্ৰৰ বুকুত: কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন

বকো, সংবাদ ৩৬৫, ২ অক্টোবৰ: দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী মৌজাৰ বৰদিয়া নয়াপাৰা, কুচিয়াৰ দিয়া, পানীখাইতি, আৰিকাটি, ৰৌমাৰী আদি অঞ্চলত অহৰ্নিশে অব্যাহত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়া। উল্লেখযোগ্য যে বিগত কুৰি বছৰে বৰলুইতৰ খহনীয়া অব্যাহত থকাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে …

বাঢ়নী পানীৰ সোঁতত উটি গ’ল জনীয়া সমষ্টিৰ ৰূপাকুছি-কান্দাপাৰা সংযোগী কাঠৰ দলং

কলগাছিয়া, সংবাদ ৩৬৫, ২ অক্টোবৰ: বিকশিত অসমৰ এক দুখ লগা দৃশ্য। মঙ্গলবাৰে ৰাতিপুৱাৰ ভাগত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰূপাকুছি-কান্দাপাৰা সংযোগী কাঠৰ দলংখন চাওঁলখোৱা নৈৰ বাঢ়নী পানীৰ সোঁতত উটি যায়। উক্ত দলংখন নৈৰ বাঢ়নী পানীত উটি যোৱাৰ ফলত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত …

প্ৰধানমন্ত্ৰী আভাস যোজনাৰ আবাসৰ নামত দুখীয়াক ৰামঠগন: ভি চি ডি চিত সভানেত্ৰীৰ ব্যাপক লুণ্ঠনৰাজ

মানিকপুৰ, সংবাদ ৩৬৫, ২ অক্টোবৰ: প্ৰধানমন্ত্ৰী আভাস যোজনাৰ অধীনত হিতাধীকাৰী সকলক যি আবাসগৃহৰ বাবে আবন্টন কৰা টকাৰে এচামে চলাই গ’ল ব্যাপক লুণ্ঠনৰাজ। বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আলুখুন্দা ভি চি ডি চি সভানেত্ৰী সুচিত্ৰাবালাই প্ৰধানমন্ত্ৰী আভাস যোজনাৰ আবাসৰ নামত …

মধ্যাহ্ন ভোজনৰ নামত কলগাছিয়াৰ ৰামপুৰ হাই স্কুলত ব্যাপক দুৰ্নীতি প্ৰধান শিক্ষক আব্দুল বাতেনৰ: আৰ টি আই ৰ তথ্যত ফাদিল প্ৰধান শিক্ষকজনৰ এই কুখ্যাত দুৰ্নীতি

কলগাছিয়া, সংবাদ ৩৬৫, ২ অক্টোবৰ: বৰপেটা জিলাৰ কলগাছিয়াৰ ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত প্ৰধান শিক্ষক আব্দুল বাতেনে ব্যাপক দুৰ্নীতি কৰাৰ তথ্য পোহৰলৈ আহিছে। ৰামপুৰ গাঁওৰ মফিদুল ইছলাম নামৰ এজন যুৱকে তথ্য জনাৰ অধিকাৰ আইন(আৰ টি আই)২০০৫ৰ জৰিয়তে লাভ …

চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে ৰাজ্য চৰকাৰৰ মজুৰি ক্ষতি পূৰণ আঁচনি

গুৱাহাটী, সংবাদ ৩৬৫, ১ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন চাহ বাগিচা সমূহত বসবাস কৰা মহিলা সকলৰ বাবে ৰাজ্য চৰকাৰে সোমাবৰে আৰম্ভ কৰে এক আভিলাষী আঁচনি। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চাহ বাগিচাৰ গৰ্ভৱতী মহিলা সকলৰ বাবে শুভাৰম্ভ কৰে মজুৰি ক্ষতি …

নিশা পলাশবাৰী আৰক্ষীৰ জালত ২ এ টি এম চোৰ

পলাশবাৰী, সংবাদ ৩৬৫, ১ অক্টোবৰ: দেওবাৰৰ নিশা পলাশবাৰী আৰক্ষীয়ে মিৰ্জাৰ পৰা দুগৰাকী এ টি এম চোৰক আটক কৰে। দেওবাৰে এগৰাকী মহিলাই ধন ওলাই থকাৰ সময়তে ধুবুৰীৰ ১ নং ছাগচৰাৰ চফিকুল হক ওৰফে জানু খান নামৰ যুৱকজনে মহিলা এগৰাকীক প্ৰৱঞ্চনাৰে লুটিব …

বৰপেটাৰ সৰুক্ষেত্ৰীৰ কাৱৈমাৰীত কালদিয়াৰ মথাউৰি ছিঙি ন ন বিস্তীৰ্ণ অঞ্চল প্লাৱিত: জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসন নিৰ্বিকাৰ

সৰুক্ষেত্ৰী, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ কাৱৈমাৰী গাঁওৰ কালদিয়া নৈৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত নিজ শালদহত মথাউৰি ছিঙি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। যোৱা কিছুদিন ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ বাবেই কালদিয়া নৈৰ পানী বাঢ়ি আহি বিস্তীৰ্ণ …

বকোৰ ডেকাচাং বজাৰত শামুক ভঙা চৰাই উদ্ধাৰ: অবৈধ চৰাই সৰবৰাহকাৰী যুৱকৰ পলায়ন

বকো, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: বকোৰ নেউলডোবাৰ এজন ধুৰন্ধৰ যুৱকে বকোৰ ছমৰীয়াৰ পথাৰৰ পৰা অতি কৌশলৰে শামুক ভঙা চৰাইসমূহ চিকাৰ কৰি আনি বকোৰ ডেকাচাং বজাৰত বিক্ৰী কৰি ৰমৰমীয়া বেহা চলাই থকাৰ মুহূৰ্ততে দেওবাৰে সন্ধিয়া ডেকাচাং বজাৰত তিনিটাকৈ শামুক ভঙা চৰাই …

ডিগবৈৰ পাৱৈ উড়িয়া সমাজৰ নোৱাখাই ভেট ঘাট উৎসৱ পালন

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: দেওবাৰে ডিগবৈৰ পাৱৈ উড়িয়া সমাজৰ উদ্যোগত আৰু পাৱৈ স্থানীয় ৰাইজৰ সহযোগত পাৱৈ চাহ বাগিচাৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে উড়িয়া “নোৱাখাই” ভেট ঘাট উৎসৱ পালন কৰা হয়। ভাদ মাহৰ শুক্ল পঞ্চমীৰ লগে লগে তথা …

ঝাৰোবৰীত এটি ৬ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৩০ ছেপ্টেম্বৰ: দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰোৱৰীস্থিত ছয়ানী বৰদুৱাৰ উন্নয়ন খণ্ডৰ পুখুৰীত দেওবাৰে এটি ৬ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা কালি শনিবাৰে সন্ধিয়া ৪ …