ববৰপেটাৰ মিলনজ্যোতি এম ই মাদ্ৰাছাত শৈক্ষিক পৰিৱেশৰ ওপৰত আলোচনা-চক্ৰ সম্পন্ন

ববৰপেটাৰ পৰা চাইজুৰ ৰহমান, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ: ববৰপেটাৰ মিলনজ্যোতি এম ই মাদ্ৰাছা(ভুলুকাবাৰী)ৰ প্ৰেক্ষাগৃহত পবিত্ৰ মহৰম উপলক্ষে বুধবাৰে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ ওপৰত পৰ্যালোচনাৰ উদ্দেশ্যে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক-অভিভাৱিকাৰ সৈতে এক ত্ৰিপাক্ষিক আলোচনা-চক্ৰ অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত …

মানিকপুৰৰ ভাণ্ডাৰাত বিপদসংকুল যাত্ৰা স্থানীয় ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী: গামছা, লুংগী, হাফপেন্ট পিন্ধি এবুকু পানীৰ মাজেৰে স্কুললৈ পাঠদান গ্ৰহণ কৰিব যায় ছাত্ৰ ছাত্ৰী

বঙাইগাঁও, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ: পৰিৱৰ্তনকামী চৰকাৰখনে আজিকোপতি উন্নয়নৰ মুখ দেখাব পৰা নাই জনসাধাৰণক। তাৰেই এক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গল বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ ৪নং আৰু ৬নং ভাণ্ডাৰাবাসী ৰাইজৰ। যাতায়তৰ ক্ষেত্ৰত যমৰযাতনা ভুগিবলগা হৈছে কন কন স্কুলীয়া ছাত্ৰ ছাত্ৰী …

উত্তৰ অভয়াপুৰীত মানাহ নদীৰ বাঢ়নী পানীৰ ফলত কেইবাখনো বিদ্যালয় দুদিন ধৰি বন্ধ

বঙাইগাঁও, সংবাদ ৩৬৫, ২৭ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীৰ বাঢনী পানীয়ে প্ৰায় ২০ খনৰো অধিক গাওঁ বানত প্লাৱিত হোৱাৰ লগতে কেইবাটাও ৰাস্তা ভাঙি পেলাইছে মানাহ নদীৰ বাঢনী পানীয়ে। মানাহ নদীৰ বাঢনী পানীৰ ফলত দুদিন …

মাণিকপুৰত মানাহ নদীৰ বাঢ়নী পানীৰ ফলত বুৰ গ’ল কুৰি খনৰো অধিক গাও

মাণিকপুৰ, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাণিকপুৰ অঞ্চলৰ প্ৰায় ২০ খনতকৈও অধিক গাঁও বানত প্লাৱিত হৈছে। কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহি মানাহ নদীৰ পানীয়ে ডুবাই পেলাইছে ভাটিপাৰা, বৰবিলা চৰপাৰা, লুংঝাৰ, …

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত অঘটন: চিকিৎসকক দেখুৱা শাৰীত থিয় হৈ থকা ৰোগীৰ ঢলি পৰি মৃত্যু

কলগাছিয়া, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকক দেখুৱা শাৰীত থিয় হোৱা ৰোগীৰ মৃত্যু হোৱাত অঞ্চলব্যাপী শোকৰ ছা বিৰাজ কৰাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। মৃত্যু হোৱা ৰোগী গৰাকী হৈছে কলগাছিয়াৰ বালাইপাথাৰ গাঁওৰ আব্দুল কৰিম। এই …

বৰপেটাত পথ নিৰ্মাণত লুন্ঠন অব্যাহত গৌতম কনষ্ট্ৰাকছনৰ

বৰপেটা, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: বৰপেটাত ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতি,অনিয়ম,বিসংগতিৰে নিৰ্মাণকাৰ্য্য লুন্ঠন অব্যাহত ৰাখিছে গৌতমকনষ্ট্ৰাকছনে। গৌতমকনষ্ট্ৰাকছনে চলাই থকা এই দুৰ্নীতিৰ কাম বুধবাৰে বৰপেটা জিলাৰ ভেল্লাৰ একাংশ লোকে তেওঁলোকৰ কাম বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ …

কৃষি উৎপাদনেৰে স্বাৱলম্বীতাৰ পথ বাছি লৈছে ওদালগুৰিৰ এজাক মহিলাই: উৎপাদিত শস্যৰ বহি: জিলালৈ ৰপ্তানি

ওদালগুৰি, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: ওদালগুৰিৰ ফাৰ্মাৰ্চ কো: অ: ছোচাইটিৰ নেতৃত্বত ওদালগুৰিৰ ৬০ জনীয়া মহিলাৰ দল এটাই কৃষি উৎপাদনেৰে স্বাৱলম্বীতাৰ পথ বাছি লৈছে। ২০১৬ চনতে ছোচাইটিটোয়ে জন্ম লাভ কৰিছিল। ওদালগুৰি চহৰৰ পৰা প্ৰায় ৪ কিঃমি নিলগৰ মনপুৰ গাৱত ছোচাইটিটোৰ নেতৃত্বত ৬০ …

নামৰূপৰ তাপ বিদ্যুৎ প্ৰকল্পৰ সন্মুখত অসম শক্তি নিগমৰ অস্হায়ী শ্ৰমিক সন্হাৰ প্ৰতিবাদ

নামৰূপ, সংবাদ ৩৬৫, ২৬ ছেপ্টেম্বৰ: ঠিকা শ্ৰমিক সকলৰ চাকৰি নিয়মীয়া কৰা, আগন্তুক সময়ত হবলগীয়া এ পি ডি চি এলৰ পৰীক্ষাত সকলো ঠিকা শ্ৰমিককে আৱেদন আৰু সাক্ষাৎকাৰত বহিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা, স্হায়ী নিযুক্তি নোপোৱা ঠিকা শ্ৰমিক সকলৰ সু ব্যৱস্থা গ্ৰহণ …

নাজিৰা বিদ্যুৎ উপসংমণ্ডল গড়গাঁওস্থিত কাৰ্য্যলয়ত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি অাৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শিৱসাগৰ জিলা সমিতিৰ

শিমলুগুৰি, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: নাজিৰা বিদ্যুৎ উপসংমণ্ডল গড়গাঁওস্থিত কাৰ্য্যালয়ত মঙ্গলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি অাৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, শিৱসাগৰ জিলা সমিতিয়ে বিদ্যুৎ বিভাগ মুৰ্দাবাদ, শক্তি মন্ত্ৰী তপন গগৈ মুৰ্দাবাদ, বিভাগীয় কৰ্তৃপক্ষ মইমতালি অাদি বিভিন্ন …

বৰপেটাৰ কলগাছিয়া ৰাজ্যিক পশু চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতি

কলগাছিয়া, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: বৰপেটাৰ কলগাছিয়া ৰাজ্যিক পশু চিকিৎসালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। চিকিৎসাৰ নামত ভেঁকুভাওনাৰ পৰিবেশ সৃষ্টি হোৱা দেখা গৈছে। চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে স্থানীয় ৰাইজ। চৰকাৰী চিকিৎসালয়ত ৫০ টকীয়া আই এ ইঞ্জেকচন ১০০/১৫০ …