জলেশ্বৰত ব্ৰক্ষ্মপুত্ৰৰ সংহাৰী ৰূপঃ লুইতৰ বুকুত বিলীন হ’ব ধৰিছে শ শ পৰিয়ালৰ ঘৰ-দুৱাৰৰ লগতে হেক্টৰে হেক্টৰে কৃষি ভূমি

জলেশ্বৰ, সংবাদ ৩৬৫, ৩ আগষ্টঃ গোৱালপাৰা জিলাৰ জলেশ্বৰত  বানপানীৰ ফলত সৃষ্টি হৈছে প্ৰচণ্ড গৰাখহনীয়াৰ৷ চপৰা চপৰে খহিছে মানুহৰ ঘৰ-দুৱাৰৰ লগতে ভেটি মাটি৷ জলেশ্বৰ সমষ্টিৰ পূৱ কাঠুৰি, চিলাৰভিটা, তাৰাংগাপুৰ, জলেশ্বৰ,মেদৰটাৰী আদি অঞ্চলত চলিছে গঢ়াখহনীয়াৰ সংহাৰ l  গোৱালপাৰা জিলাৰ জলেশ্বৰত সমষ্টিত বানপানীয়ে …

হাটশিঙিমাৰীত ব্যৱসায়ী সন্থাৰ দোকান-পোহাৰ বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ৩ আগষ্টঃ হাটশিঙিমাৰী চুপাৰ মাৰ্কেটত দুষ্ট চক্ৰৰ আবন্টনৰ যো-জা৷ কাণষাৰ নাই জিলা প্ৰশাসনৰ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটছিঙিমাৰী চুপাৰ মাৰ্কেটৰ ব্যৱসায়ী সকলক দোকানৰ বাবে মাটি-ভেটি আবন্টন প্ৰক্ৰিয়া দীৰ্ঘ দিনৰ পৰা বন্ধ হৈ থকাৰ ফলত জিলা …

মডেল বি টি চিৰ ফোঁপোলা স্বৰূপ গোসাঁইগাঁৱৰ গকুলকাটাতঃ এবছৰে মেৰামতি ন’হল বানে বিধ্বস্ত কৰা দলঙঃ টুলুঙা নাৱেৰে নৈ পাৰ হৈ যাতায়াত ৰাইজৰ

গোসাইগাঁওৰ পৰা বিশ্বজিৎ চৌধুৰী, সংবাদ ৩৬৫, ৩ আগষ্টঃ  এখন দলঙৰ বাবে একাংশ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰিলে গোসাইগাঁওৰ গকুলকাটা অঞ্চলৰ স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, বি টি চিৰ পৰিষদীয় সদস্য জিৰেণ বসুমতাৰীৰ বিৰুদ্ধে৷ গোসাঁইগাঁও বিধানসভা তথা বি টি চিৰ যমদুৱাৰ সমষ্টিৰ …

কলগাছিয়াৰ শওঁপুৰত বেঁকী নৈৰ  সংহাৰী ৰূপঃ নিশা বেঁকী নৈত জাহ গল ১২৪৭ নং পূব শওঁপুৰ প্ৰাথমিক বিদ্যালয় আৰু নির্মাণৰত ৰাজ্যিক ঘাই পথ

কলগাছিয়া, সংবাদ ৩৬৫, ৩ আগষ্টঃ কলগাছিয়াৰ  বেঁকী নৈৰ  বানপানীৰ ফলত সৃষ্টি হৈছে প্ৰচণ্ড গৰাখহনীয়াৰ৷ ৫০ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিল অন্ধকাৰ।বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰত বানপানীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি সৃষ্টি কৰে প্ৰচণ্ড গৰাখহনীয়াৰ৷ বৃহস্পতিবাৰে নিশা বেকী নৈত জাহ যায় …

চিৰাঙৰ  বিজনীৰ শিয়ালমাৰী অঞ্চলৰ মহিলা সকলে নিজে শ্ৰম দান কৰি পুৰণী কাঠৰ দলং মেৰামতি কৰিলেঃ চৰকাৰ-প্ৰশাসন নিৰ্বিকাৰ

চিৰাঙ, সংবাদ ৩৬৫, ২ আগষ্টঃ  বছৰ বছৰ ধৰি উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ থকিল৷ পোন্ধৰ বছৰীয়া কংগ্ৰেছ শাসনৰ পিছত সোণোৱাল চৰকৰ গঠন হ’ল৷ পৰিৱৰ্তনকামী চৰকাৰ খনেও একেটাই ৰুপ দেখুৱালে জনসাধাৰণক৷ উন্নয়নৰ দুবছৰ উকলি গ’ল, তথাপিও উন্নয়নৰ মুখ নেদেখিলে চিৰাঙৰ  বিজনীৰ শিয়ালমাৰী অঞ্চলবাসীয়ে৷ …

বিলাসীপাৰা  চহৰক  আদৰ্শ  চহৰ গঢ়াৰ  সংকল্প  বিধায়ক অশোক  কুমাৰ  সিংহৰ

বিলাসীপাৰা, সংবাদ ৩৬৫, ২ আগষ্টঃ স্বচ্ছতা আৰু আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি বিলাসীপাৰা চহৰ খনক প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যেৰে স্থানীয় বিধায়ক অশোক  কুমাৰ  সিংহৰ এক নতুন সংকল্প৷ মঙ্গল বাৰে বিধায়ক অশোক  কুমাৰ  সিংহই ধুবুৰী জিলাৰ বন প্ৰাধিকাৰী এ এছ তালুকদাৰৰ নেতৃত্বত …

বটলত আবদ্ধ  ১০ গৰাকী প্ৰৱক্তাৰ নামঃ  দুৰ্নীতি গাপ দিবলৈ অধ্যক্ষ‌‌ই আশ্ৰয় ল’লে তন্ত্ৰ-মন্ত্ৰৰ

চৰাইদেউ, সংবাদ ৩৬৫, ২ আগষ্টঃ শিক্ষক, যি সমাজৰ অন্ধবিশ্বাস, কু-সংস্কাৰ আদি নাশ কৰি জ্ঞানৰ পোহৰ বিলাই, কিন্তু এই কথা এতিয়া অতীত হ’ল৷ শিক্ষকে এতিয়া অকল পাঠদানতে ব্যস্ত নাথাকি এক নাভূত-নাশ্ৰুত ৰুপত দেখা গৈছে এখন উচ্চ শিক্ষানুষ্ঠানৰ অধ্যক্ষক৷ সহযোগী প্ৰৱক্তাক অপকাৰ …

মৰিগাঁৱত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত ৩৯ টাকৈ বিদেশী পৰিয়ালৰ নামঃ উপায়ুক্ত হেমেন দাসৰ আশ্বাস চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নহয় কোনো সন্দেহযুক্ত নাগৰিক

মৰিগাঁও, সংবাদ ৩৬৫, ২ আগষ্টঃ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশত মৰিগাঁৱত দহৰো অধিক বিদেশী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে৷ জিলাখনৰ জাগীৰোড,লাহৰীঘাট,মৰিগাঁও বিধানসভা সমষ্টিত ঘৰ পৰিয়াল কেইটাৰ৷ বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ অনুসৰি বিদেশী ন্যায়ধিকৰণে বিদেশী বুলি ৰায়দান দিয়াৰ পিছতো …

বাক্সাৰ ভাৰত -ভূটান সীমান্তৰ বগাজুলিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰঃ বিদ্যুতপৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ

বাক্সা, সংবাদ ৩৬৫, ২ আগষ্টঃ বাক্সাত দীৰ্ঘদীনে ধৰি বনৰীয়া হাতীৰ তাণ্ডৱ চলি থকাৰ মূহূৰ্ততে বৃহস্পতিবাৰে উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ পোৱালীৰ মৃতদেহ৷ বৃহস্পতিবাৰে পুৱা কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বগাজুলি সংৰক্ষিত বনাঞ্চলৰ দাতিকাষৰীয়া গনেশগুৰিত এটা বনৰীয়া হাতী মৃতদেহ স্থানীয় …

কলগাছিয়া-আমগুৰি সংযোগী কাঠৰ দলং আৰু পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি

কলগাছিয়া, সংবাদ ৩৬৫, ২ আগষ্টঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰাইজে বিভাগীয় কতৃপক্ষৰ চৰম অৱহেলাৰ বাবে যমৰ যাতনা ভোগ কৰিব লগীয়া হৈছে৷ বৰপেটা জিলাৰ জনীয়া সমষ্টিত দলং অথবা পথ নিৰ্মানেই হওক বা মেৰামতিয়ে হওক সকলোতে বিভাগীয় অভিযন্তাৰ সহযোগত ঠিকাদৰে ব্যাপক দুৰ্নীতি …