দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ঘুৰ্ণীবতাহৰ তাণ্ডৱ

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৬ মেঃ ৰাজস্থান আৰু উত্তৰ প্ৰদেশত ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে শতাধিক লোকৰ প্ৰাণ কাঢ়ি লৈ যোৱাৰ পিছত অসমৰ লগতে উত্তৰ পূৱত ধুমুহ বৰষুণে তাণ্ডৱ চলাব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী জাৰি …

ডিমৌত চোৰাং তেলৰ বৃহৎ ভাণ্ডাৰ জব্দ

ডিমৌ, সংবাদ ৩৬৫, ৬ মেঃ শিৱসাগৰৰ জিলাৰ ডিমৌত চোৰাং তেলৰ এক বৃহৎ ভাণ্ডাৰ জব্দ হৈছে। শননিবাৰে নিশা ডিমৌৰ মচকৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা বাসগৃহত টেংকাৰৰ পৰা তেল চুৰি কৰি থকা অৱস্থাত শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ …

কাৱৈমাৰীত সমাজকৰ্মী কেশৱ ৰাজবংশীৰ বিয়োগত অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক

আন্ধেৰীঘাটৰ পৰা দিপজ্যোতি ডেকা সংবাদ ৩৬৫, ৬ মেঃ পশ্চিম দৰংৰ কাৱৈমাৰী নিবাসী তথা সমাজকৰ্মী কেশৱ ৰাজবংশীৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ৰাজবংশীৰ বিয়োগত শোকস্তব্ধ হৈ পৰে সমগ্ৰ অঞ্চল। প্ৰাপ্ত তথ্য মতে ৰাজবংশী কিছুদিনৰ পৰা এক জটিল ৰোগত আক্রান্ত হৈ চিকিৎসাধীন …

বৰঝাৰ বিমানবন্দৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৬ মেঃ বৰঝাৰ বিমানবন্দৰৰ সমীপত দেওবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী বাছ আৰু স্কুটিৰ মাজত মূখামুখী সংঘৰ্ষ হোৱাত থিতাতে এজন যুৱক নিহত হোৱাৰ লগতে আনহাতে এজন যুৱক গুৰুত্বৰভাৱে আহত হয়। জানিব পৰা ম’তে …

বাক্সাৰ কুমাৰীকাটাত বিটিচিৰ অধীনত ভূমিৰ পাট্টা প্ৰদান

বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৫ মেঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা মহকুমাৰ অন্তৰ্গত গনেশগুৰীত ফৰেষ্ট লেণ্ডত বসবাস কৰি থকা লোক সকলক শনিবাৰে বিটিচি চৰকাৰৰ দ্বাৰা ভূমিৰ পাট্টা প্ৰদান কৰা হয়। ১৯৮৯ চনত নাগালেণ্ডৰ পৰা পলাই আহি অসমৰ ভাৰত ভূটান …

শদিয়াত আৰডিএক্স (১০) সহ আটক আলফা স্বাধীনৰ লিংক মেন

শদিয়া, সংবাদ ৩৬৫, ৫ মেঃ শদিয়া আৰক্ষীয়ে শনিবাৰে পুৱা এক গোপন সূত্ৰৰ ভিত্তিৰ চলোৱা অভিযানত আলফা (স্বাধীন)ৰ এজন লিংক মেনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই জানিলৈ দিয়া মতে, গোপন সূত্ৰ ভিত্তিত চলোৱা এই অভিযানত আলফা (স্বাধীন)ৰ লিংক মেন ভৱানন্দ গগৈ …

ৰঙিয়াত বাইক চুৰক গণ প্ৰহাৰ

ৰঙিয়া, সংবাদ ৩৬৫, ৫ মেঃ ৰঙিয়াৰ বালিকুছিত শনিবাৰে এজন বাইক চুৰক ৰাইজে গণ প্ৰহাৰ কৰে। বাইক চুৰি কৰি থকা অৱস্থাত ৰাইজে নলবাৰী জিলাৰ টিহুৰ মনোৱাৰ আলী নামৰ চুৰটোক হাতে লোটে কৰায়ত্ব কৰি গণ প্ৰহাৰ কৰে। শনিবাৰে পুৱতি নিশা ৰঙিয়াৰ বালিকুছিৰ গোপাল …

আলফা(স্বাধীন) আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত নিহত হল আৰক্ষীৰ বিষয়া ভাস্কৰ কলিতা

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৫ মেঃ  তিনিচুকীয়া জিলা বৰডুমছাৰ কুনাপথাৰত শুক্ৰবাৰে আলফা(স্বাধীন) আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত গুলীবদ্ধ হৈ নিহত হয় বৰডুমছাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ভাস্কৰ কলিতা। গুলীবদ্ধ আৰক্ষী বিষয়া জনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে বিষয়াজনৰ গাড়ীচালকো আহত …

চৰাইদেউ জিলাৰ সাপেখাতীত আৰক্ষী আৰু সেনাৰ আলফা (স্ব)ৰ বিৰুদ্ধে অভিযান

চৰাইদেউ,  সংবাদ ৩৬৫, ৪ মেঃ চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্ত আৰু অসম অৰুণাচল সীমান্তত সেনা আৰু আৰক্ষীয়ে অভিযান চলাই এজন আলফা (স্ব)ৰ সদস্য আটক কৰাৰ লগতে এটা এনকিউ ৮১ ৰাইফল আৰু দুটা মেগজিনসহ ৭৮ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বৃহস্পতিবাৰে …

মুছলপুৰত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ: বিজেপি নেতাৰ উচতনিত এৱছুৱে ধাৰাবাহিক পথ অৱৰোধ কৰি আহিছে

বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৪ মেঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শাসকীয় মিত্ৰ দল বিজেপিক আক্ৰমন কৰি মন্তব্য প্ৰকাশ কৰিছে যে বিজেপিৰ দুই এজন নেতাই এৱছুৰ লগত মিলিত হৈ বিপিএফক নিঃশেষ কৰাৰ যড়যন্ত্ৰ ৰচনা কৰিছে৷ শুক্ৰবাৰে বাক্সা জিলাৰ মুছলপুৰত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে …