অসমসহ উত্তৰ পূৱত চলিব প্ৰকৃতিৰ তাণ্ডৱ

গুৱাহাটী, সংবাদ ৩৬৫, ৪ মেঃ ৰাজস্থান আৰু উত্তৰ প্ৰদেশত প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত শতাধিক লোক নিহত হোৱাৰ পিছত এইবাৰ উত্তৰ পূৱৰ প্ৰতি ৰুষ্ট হৈছে প্ৰকৃতি৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী অনুসৰি ৫ মে’ত ধুুমুহা বৰষুন আৰু বতাহে কোবাই যাব অসম, মেঘালয়, নাগালেণ্ড, …

গোৱালপাৰাৰ কৃষ্ণাইত ভয়ংকৰ পথ দুৰ্ঘটনা

গোৱালপাৰা, সংবাদ ৩৬৫, ৪ মেঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকিপুলত শুক্ৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। স্কৰপিও’ আৰু জাইলো’ৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তিনিজনকৈ লোক থিতাতে নিহত হয়। একে দিশৰ পৰা আহি থকা স্কৰপিও গাড়ীখনে জাইলো গাড়ীখনক বা প্ৰচণ্ড খুন্দা মৰাৰ ফলত …

পৃথক বড়োলেণ্ডৰ দাবীত বাক্সাত ঘাইপথ অৱৰোধ : ৰাজপথত কেইবাশ যান বাহন আবদ্ধ

বাক্সা, সংবাদ ৩৬৫, ৪ মেঃ পৃথক বড়োলেণ্ডৰ দাবীত বাক্সা জিলাৰ বৰমাত শুক্ৰবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাত ঘাইপথৰ ওপৰত কেইবাশ বাহন আৱদ্ধ হৈ পৰে। পৃথক বড়োলেণ্ডৰ দাবীত বিগত দুদিন ধৰি কোকৰাঝাৰ আৰু চিৰাং জিলাত হোৱা প্ৰতিবাদৰ পিছত শুক্ৰবাৰে পুনৰ উত্তাল …

গোৱালপাৰাৰ পিছত নলবাৰীত আইএছআইএছ’ৰ ক’লা পতাকা

নলবাৰীৰ পৰা কৈলাশ দাস, সংবাদ ৩৬৫, ৪ মেঃ যোৱা ২ মে’ত গোৱালপাৰা চহৰৰ মাজ মজিয়াত এখন গছত ৰাইজে উগ্ৰপন্থী সংগঠন আইএছআইএছ’ৰ ৬ খনকৈ ক’লা পতাকা উৰি থকা প্ৰত্যক্ষ কৰাৰ পিছত এইবাৰ নলবাৰী জিলাৰ ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈহাটীত দেখা গল সংগঠনটোৰ ক’লা …

চিকিৎসালয়ৰ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কিশোৰীৰ

গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ৩ মেঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চিকিৎসালয়খনত চিকিৎসাধীন এগৰাকী কিশোৰীয়ে চিকিৎসাৰ বাবে প্ৰয়োজনীয় আৰ্থিক অনাটনৰ বাবে চিকিৎসালয়ৰ চাদৰ পৰা জপিয়াই আত্মহত্যাৰ অপচেষ্টা চলায় বুলি জানিবলৈ দিয়ে কিশোৰী গৰাকীৰ …

সাংবাদিক পৰিষদ, অসমৰ সভা সম্পন্ন

গুৱাহাটী, সংবাদ ৩৬৫, ৩ মেঃ সাংবাদিক পৰিষদ, অসমৰ সভাপতি সঞ্জীৱ গোস্বামীৰ সভাপতিত্বত বুধবাৰে সংগঠনটোৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় মহানগৰী গুৱাহাটীত। সভাত সংগঠনটোৰ মুখ্য পৰামৰ্শদাতা বিশিষ্ট সাহিত্যিক, সাংবাদিক জি এল আগৰৱালাই সংগঠনটোৰ ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি সংস্থানটোৰ আন্তঃগাঁথনি সবল …

এনআৰছি’ৰ প্ৰসংগক লৈ আমছুৰ মৌন অৱস্থান ধৰ্মঘট

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৩ মেঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৃহস্পতিবাৰে বঙাইগাঁও জিলাটো এনআৰচি’ৰ প্ৰসংগক লৈ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। বঙাইগাঁও জিলা সদৰৰ পাগলাস্থানত শতাধিক আমছুৰ সমৰ্থকে মুখত ক’লা কাপোৰ বান্ধি …

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সমষ্টিত বিদ্যুৎ সংযোগ নোহোৱা এখন গাঁও

সৰভোগ, সংবাদ ৩৬৫, ৩ মেঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সকলো গাঁৱত বিদ্যুৎ সংযোগ হোৱা বুলি ঘোষণা কৰিছে যদিও অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসৰ সমষ্টিৰ এখন গাঁৱত বিদ্যুৎ সংযোগ নোহোৱাৰ তথ্য পোহৰলৈ আহিছে। বৰপেটা জিলাৰ …

ঘৰতে কাপোৰ ধোৱা চাবোনৰ উদ্যোগ স্থানপ কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে দৰং জিলাৰ এজন যুৱক

দৰংৰ পৰা দেৱব্ৰত গোস্বামী, সংবাদ ৩৬৫, ৩ মেঃ  দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত এখন অতি পিছপৰা অঞ্চল লোজোৰা গাঁৱৰ যুবক ৰাতুল বৰুৱাই কোনো ধৰনৰ চৰকাৰী সাহাৰ্য্য অবিহনে ঘৰতে কাপোৰ ধোৱা চাবোনৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে। ৰাতুল বৰুৱাই ২০১৪ চনত …

সোণাপুৰত জব্দ লাক্ষাধিক টকাৰ বিলাতী সুৰা

সোণাপুৰ, সংবাদ ৩৬৫, ২ মেঃ মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত ক্ষেত্ৰী আৰক্ষী আৰু সোণাপুৰ আৰক্ষীয়ে মহানগৰ আপকাৰী বিভাগৰ সহযোগত এক যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। আৰক্ষী আৰু মহানগৰ আপকাৰী বিভাগে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত সোণাপুৰ চক্ৰ বিষয়াৰ কার্যলয়ৰ সন্মুখত বালিগেটত …