গোৱালপাৰাৰ শান্তিপুৰত দুৰ্বৃত্তৰ গুলীচালনাত আহত এজন

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ গোৱালপাৰা চহৰৰ দূৰ্গামন্দিৰৰ শান্তিপুৰ মাকৰি পথত মঙলবাৰে নিশা দুৰ্বৃত্তৰ গুলীচালনাত এজন লোক গুৰুত্বৰ ভাবে আহত হয়। জানিব পৰা মতে দুখন বাইকত অহা চাৰি দুৰ্বৃত্তই নুৰজামাল মণ্ডল নামৰ এজন লোকৰ ওপৰত গুলীচলন কৰাত …

জাগুনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পথ অৱৰোধ

মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ জাগুন অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে। জাগুন নামচিক সংযোগী পথ অতি শীঘ্ৰে মেৰামতি কৰা, অত্যাধিক বোজা কঢ়িওৱা যান …

গঁড় সুৰক্ষাৰ বাবে বিশেষ বাহিনী

গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ গঁড় সুৰক্ষাৰ বাবে বিশেষ বাহিনী৷ শীঘ্ৰে কাজিৰঙাত নিযুক্তি ৯০ জনীয়া ৰাইন’ প্ৰটেক্সন ফোৰ্চ৷ অসম আৰক্ষীয়ে ইতিমধ্যেই বন বিভাগলৈ প্ৰেৰণ কৰিছে গঁড় সুৰক্ষা বাহিনীত নিযুক্তি পাবলগীয়া ৯০ জনীয়া আৰক্ষীৰ তালিকা৷ শীঘ্ৰেই কাজিৰঙাৰ ২৪১৩টা গঁড়ৰ সুৰক্ষাৰ দায়িত্ব ল’ব …

ডিগবৈ শোধনাগাৰৰ সমস্যাক লৈ বিধান সভাত সৰব ডিগবৈৰ বিধায়ক সুৰেন ফুকনঃ নৰ্থ ইষ্ট জন স্থাপনৰ দাবী

গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ এচিয়াৰ ঐতিৰ্য্যমণ্ডিত ডিগবৈ তেল শোধনাগাৰ সমস্যা সমাধানৰ দাবীত মঙলবাৰে অসম বিধান সভাৰ মজিয়াত সৰব হৈ পৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকন৷ বিধানসভাৰ মজিয়াত অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ দৃষ্টি গোচৰ কৰি বিধায়ক সুৰেন ফুকনে ইয়াৰ শোধন ক্ষমতা …

ধৰ্ষণৰ বিৰুদ্ধে ধুবুৰীত মহিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ধুবুৰী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনে সংঘটিত হৈছে থকা ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে মঙলবাৰে ধুবুৰী জিলা মহিলা কংগ্ৰেছ উদ্যোগত সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। ধুবুৰী জিলা মহিলা কংগ্ৰেছে ধুবুৰী ৰাজীৱ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ …

বাপতিসাহোন বহাগ বিহু সমাগত : দিনে নিশাই ঢোল নিৰ্মাণত ব্যস্ত ঢোল নিৰ্মাতা সকল

গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন৷ চ’তৰ শেষত আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত৷ নাচনিৰ খোপাত গুজি দিবলৈ কপৌ ফুলো ফুলিল৷ আম-জামো ফলিয়ালে৷ এতিয়া প্ৰকৃতিৰ লগতে চৌদিশে ব’হাগ অহাৰ বতৰা৷ সেউজ …

দক্ষিণ কামৰূপৰ মিৰ্জাত ভয়াৱহ পথ দুৰ্ঘটনা

মিৰ্জা, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ মিৰ্জাত মঙলবাৰে সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী দুর্ঘটনাস্থলীতে নিহত হয়। স্থানীয় লোকে জানিবলৈ দিয়ে যে এখন দ্ৰুতবেগী ট্ৰেভেলাৰে এমএল-১১-২৪৬০ নম্বৰৰ বাইকখনক মহতিয়াই নিয়াৰ ফলত বাইকখৰন চালকজন থিতাতে নিহত হয়। …

উত্তৰাখণ্ডৰ কেদাৰনাথত এম১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

উত্তৰাখণ্ড, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ কেদাৰনাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ লগত জড়িত বায়ুসেনাৰ এম১৭ হেলিকপ্টাৰ মঙলবাৰে পুৱা প্ৰায় ৮ বজাত উত্তৰাখণ্ডৰ কেদাৰনাথত দুর্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও হেলিকপ্টাৰখনৰ যথেষ্ট ক্ষতিসাধন হয়। দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখন কেদাৰনাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ …

গ্ৰন্থৰূপত অসম সাহিত্য সভাৰ ইতিহাস : ৬ এপ্ৰিলত ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ডৰ উন্মোচনী সভা

গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ অসম সাহিত্য সভাৰ এশ বছৰীয়া পৰিক্ৰমা গ্ৰন্থৰূপত। অহা ৬ এপ্ৰিল ২০১৮ত উন্মোচন কৰা হ’ব অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘অসম সাহিত্য সভাৰ ইতিহাস’ৰ প্ৰথম খণ্ড। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় চৌহদত থকা জয়ন্ত কুমাৰ লক্ষ্মী বৰুৱা …

তৈলনগৰী ডিগবৈ শোধনাগাৰত বৃহত্তৰ ঐক্যমঞ্চৰ অৰ্থনৈতিক অৱৰোধ

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২ এপ্ৰিল: থলুৱা নিযুক্তিৰ দাবীত সোমবাৰে ডিগবৈ শোধনাগাৰ বন্ধ কৰে স্থানীয় ২২ টা সংগঠনৰ দ্বাৰা গঠিত বৃহত্তৰ ডিগবৈ ঐক্য মঞ্চই৷ সোমবাৰে পুৱা ৫ বজাৰ পৰা শোধনাগাৰৰ সকলো প্ৰবেশ দ্বাৰ বন্ধ কৰি শতাধিক প্ৰতিবাদকাৰীয়ে পৰিবেশ …