নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ, ২০২৩ : মধ্যপ্ৰদেশৰ ভূপালত ৰাষ্ট্ৰীয় পুতলা নাচ (Puppet Show) সমাৰোহত অসমৰ বিনীতা দেৱীৰ পৰিচালনাত “তেজীমলা” আৰু “ৰাৱণ বধ”ৰ সফল মঞ্চায়ন। অসমৰ লোক কলা পুতলা শৈলীত অভিভূত হৈ দৰ্শকে থিয়হৈ “জয় শ্ৰীৰাম” “জয় শ্ৰীৰাম” ধ্বনিৰে উষ্ণ আদৰণি জনায় সুৰজিৎ একাডেমীক। জনজাতীয় লোক কলা আৰু বোলী বিকাশ অকাডেমী, মধ্যপ্ৰদেশ সাংস্কৃতিক পৰিষদৰ উদ্যোগত মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়, ভূপালত ১৩ তাৰিখৰ পৰা ১৭ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত “পুতলা নাচ সমাৰোহ” অনুষ্ঠিত হৈ যায়।

অসমৰ গুৱাহাটীৰ অন্যতম সাংস্কৃতিক প্ৰশিক্ষন কেন্দ্ৰ সুৰজিৎ একাডেমী মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়, ভূপালত অনুষ্ঠিত “পুতলা নাচ সমাৰোহ”ত পুতলা নাট পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰিত হৈছিল। ১৭ ছেপ্টেম্বৰত সন্ধিয়া মধ্যপ্ৰদেশ জনজাতীয় সংগ্ৰহালয়ত সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত “ৰাৱণ বধ” আৰু তিলোত্তমা ভূঞাৰ ৰচিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা “তেজীমলা”ৰ নাট্যৰূপ “তেজীমলা” দুখনি পুতলা নাট মঞ্চস্থ হয়। নাট দুখনৰ পৰিচালনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীৰ।

“ৰাৱণ বধ” নাটৰ হিন্দী অনুবাদ হাৰ্দিক শৰ্মা আৰু “তেজীমলা” নাটৰ হিন্দী অনুবাদ নিহাৰেন্দ্র শৰ্মাৰ। “ৰাৱণ বধ” আৰু “তেজীমলা” নাট দুখনে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। শিশু, বিদ্যালয়-মহাবিদ্যালয়- বিশ্ববিদ্যালয় সমূহৰ শিক্ষাৰ্থী-শিক্ষাবিদ-গৱেষক সকলৰ লগতে শিল্পী সাহিত্যিক সকলে পুতলা নাট দুখন দেখি অভিভূত হৈ পৰে। “ৰাৱণ বধ” নাটৰ প্ৰতিটো দৃশ্য মুগ্ধহৈ দৰ্শকে “জয় শ্ৰীৰাম” “জয় শ্ৰীৰাম” ধ্বনিৰে ৰামক সেৱা জনায়। পুতলা নাটখন সুন্দৰভাৱে পৰিবেশন কৰে। পুতলা সমূহৰ সঞ্চালন মানৱৰ যেন লগা হৈছিল। চৰিত্ৰ সমূহৰ কোনো ধৰনৰ জড়তা দেখা পোৱা নাছিল। নাটকত থাকিবলগীয়া সকলো ৰসেই যেন “ৰাৱণ বধ” আৰু “তেজীমলা”ত আছে৷ তেনে নাট সফলভাৱে পুতলাৰ জৰিয়তে মঞ্চায়ন কৰাটো কঠিন।

সেই কঠিন কাম সফলতাৰে মঞ্চায়ণ কৰিছিল বিনীতা দেৱীয়ে যোৱা ১৭ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ভূপালত জনজাতীয় সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত। নাট দুখনৰে প্ৰতিটো দৃশ্যৰ পুতলা সমূহৰ সঞ্চালনৰ শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। সকলোকে নাটৰ কৌশলী মায়া জালেৰে বান্ধি ৰাখিছে দৰ্শকক। প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আচোৰ মাৰিছে ৷ সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে৷ এটা শব্দও অলাগতীয়াল, অপ্ৰয়োজনত সংলাপত সংযোজন কৰা নাই নাট দুখনত৷ “তেজীমলা” নাটকখনৰ মূল চৰিত্ৰ “তেজীমলা” আৰু “মাহীমাক”ৰ পুতলা সমূহৰ সঞ্চালন আৰু নাটৰ অভিনীত সংলাপ প্ৰক্ষেপণত দৰ্শকে আৱেগিক হৈ পৰে৷ মাহীমাকৰ অত্যাচাৰত বলি হৈ তেজীমলা কি দৰে মৃত্যু মুখত পৰিছিল সেই দৃশ্যাংশ দেখি দৰ্শকৰ চকু পানী নিগৰি গৈছিল। প্ৰতিটো দৃশ্যত সুন্দৰভাৱে পুতলা সমূহ সঞ্চালন কৰি দৰ্শকৰ হৃদয় জয় কৰিব পাৰিছে।

বিনীতা দেৱীৰ পৰিচালনাত সংগীতত সহায় কৰিছে পাপু গোঁহাই। নাটত সংগীতৰ কণ্ঠস্বৰ পাপু গোহাঁই আৰু দীপা মহন্তৰ। নাটৰ নিখুত মঞ্চ সজ্জা আৰু পোহৰ নিক্ষেপ, সাজ-সজ্জা শিল্পই নাট্যৰসিকে কোনো খুত উলিয়াবলৈ সুযোগেই নাপালে৷ সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল। পুতলা নাটখনত পুতলা সমূহ সঞ্চালন কৰিছিল ধ্ৰুৱ জ্যোতি কলিতা, বিনীতা দেৱী, পলক কৈৰী, প্ৰণৱ জ্যোতি ৰাভা, ৰেকিবুল আহমেদ, অংকুৰ দাস, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শৰ্মা। পুতলা নাটৰ চৰিত্ৰ সমূহৰ সংলাপ প্ৰক্ষেপণ স্বপন দাস, অজয় মৌলিক, নিলক্ষী দেৱী, হিমাংশু শৰ্মা, বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, অংকুৰ দাস, হাৰ্দিক শৰ্মা, কৰিস্মিতা তালুকদাৰ, ৰজনাভ শৰ্মাৰ। মধ্য প্ৰদেশৰ সাধাৰণ নাট্যৰসিকৰ লগতে স্বনামধন্য পৰিচালক, অভিনেতা, শিক্ষাবিদ, গৱেষক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ নাট দুখনৰ সংলাপ সমূহে ও দৰ্শকৰ মন চুই গৈছে। এইক্ষেত্ৰত সীমান্ত শৰ্মা আৰু তিলোত্তমা ভূঞাৰ কৃতিত্ব দাবী কৰিব পাৰি। নাটৰ শেষত প্ৰায় দহ শতাধিক দৰ্শক অসমৰ পুতলা শৈলীত অভিভূত হৈ আটায়ে থিয়হৈ হাত চাপৰি বজায় “জয় শ্ৰীৰাম”, “জয় শ্ৰীৰাম” ধ্বনিৰে উষ্ণ আদৰণি জনায় সুৰজিৎ একাডেমীৰ কলা কৌশলী সকলক।

বিনীতা দেবীৰ পৰিচালিত নাট সমূহ সমাজ ব্যবস্থাৰ লগত জৰিত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশিত কৰি আহিছে। তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব। নাট দুখন ইতিমধ্যে ভাৰত চৰকাৰৰ পৰা অনুষ্ঠিত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমত সুণাম কঢ়িয়াই আনিছে। বিনীতা দেৱীৰ এই নাট্য যাত্ৰা অবিৰত থাকক, আগলৈ আমি অসমৰ জনজীৱনৰ লগত সংগতি থকা তথা অসমৰ পুতলা নাট বিশ্ব দৰবাৰত জিলিকি উঠক তাৰেই কামনা কৰিছো।