গুৱাহাটী, ১৩ আগষ্ট, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) দ্বাৰা বিভাজন বিভীষিকা স্মৰণ দিৱস পালন। বিভিন্ন ষ্টেশ্যনত সাধাৰণ লোকৰ বাবে প্ৰদৰ্শনী ষ্টল স্থাপন। ভাৰত চৰকাৰে বিভাজনৰ সময়ত ভাৰতৰ জনসাধাৰণে সন্মুখীন হোৱা বেদনা আৰু কষ্টৰ বিষয়ে ভাৰতীয়সকলৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক সোঁৱৰাই দিবলৈ ১৪ আগষ্ট তাৰিখটো বিভাজন বিভীষিকা স্মৰণ দিৱস হিচাপে ঘোষণা কৰিছে।

ভাৰত বিভাজন হৈছে মানুহৰ নজিৰবিহীন স্থানান্তৰণ আৰু মানুহৰ বলপূৰ্বক প্ৰব্ৰজনৰ কাহিনী। ই লগতে এক কাহিনী যে কেনেকৈ জীৱনৰ এক গতিপথ আৰু যুগৰ সহাবস্থানৰ আকস্মিক সমাপ্তি ঘটিছিল, যাৰ ফলত লাখ লাখ লোকে এনে পৰিৱেশত নতুন ঘৰ বিচাৰিবলৈ বাধ্য হৈছিল যিবোৰ বঞ্চনা আৰু প্ৰত্যাহ্বান আছিল। ভাৰতৰ জনসাধাৰণে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়ত দেশৰ সেই পুত্ৰ-কন্যাসকলক অভিবাদন জনায় যিসকলে কেৱল তেওঁলোকৰ পৈতৃক ঘৰেই নহয়, ভাৰত বিভাজনৰ সময়তো জীৱন ত্যাগ কৰিব লগা হৈছিল।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ পূব সীমান্ত ৰে’লৱেই আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে বিভাজন বিভীষিকা স্মৰণ দিৱসো পালন কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনত পাঁচটা মণ্ডলৰ সকলো মুখ্য জিলাক সামৰি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে বহুতো গুৰুত্বপূৰ্ণ ৰে’ল ষ্টেশ্যন বাছনি কৰা হৈছে। ১৯৪৭ চনত ভাৰত বিভাজনৰ ফলত ভাৰতীয়সকলে অনুভৱ কৰা বেদনাক উপস্থাপনেৰে প্ৰদৰ্শনী ষ্টল আৰু হৰ্ডিংসমূহ সাধাৰণ জণগনৰ দৰ্শনৰ বাবে স্থাপন কৰা হ’ব। স্বাধীনতা সংগ্ৰামী আৰু তেওঁলোকৰ আত্মীয়সকলৰ অংশগ্ৰহণেৰে বিভাজনৰ দূৰ্দশা প্ৰদৰ্শন কৰি এই দিনটোত ষ্টেশ্যনসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ’ব।

প্ৰদৰ্শনী আয়োজন কৰা কিছুমান ষ্টেশ্যন হৈছে কাটিহাৰ, মালদা কোৰ্ট, সামচি, কিষাণগঞ্জ, নিউ জলপাইগুডী, শিলিগুড়ী জংচন, আলিপুৰদুৱাৰ জংচন, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ, ফালাকাটা, নিউ মাল জংচন, কোকৰাঝাৰ, ৰঙিয়া জংচন, বৰপেটা ৰোড, নিউ বঙাইগাঁও জংচন, গোৱালপাৰা, ৰঙাপাৰা নৰ্থ, নৰ্থ লখিমপুৰ, নাহৰলগুন, গুৱাহাটী, লামডিং, শিলচৰ, আগৰতলা, ডিমাপুৰ, ফৰকাটিং, গোলাঘাট, যোৰহাট টাউন, মৰিয়নি, ভজো, মৰাণহাট, শিমলুগুড়ী জংচন, শিবসাগৰ টাউন, দুলিয়াজান, ডিব্ৰুগড়, মাৰ্ঘেৰিটা, লিডু, তিনিচুকীয়া জংচন আৰু নিউ তিনিচুকীয়া। ইয়াৰ উপৰিও দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ (ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ) তিনধৰিয়া ৱৰ্কশ্বপতো এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। বিভাজনৰ বেদনা কেতিয়াও পাহৰিব নোৱাৰি।

লাখ লাখ ভাৰতীয় স্থানান্তৰণ হৈছিল আৰু বহুতে বিবেকহীন ঘৃণা আৰু হিংসাৰ বাবে প্ৰাণ হেৰুৱাইছিল। এই দিনটো পালন কৰিলে সকলোকে সামাজিক বিভাজন, বিভেদ দূৰ কৰাৰ প্ৰয়োজনীয়তা সোঁৱৰাই দিয়াত সহায় কৰিব আৰু একতাৰ মনোভাৱক অধিক শক্তিশালী কৰিব।