যোৰহাট : ৰাজ্য কপোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডা নিহত। পথ দুর্ঘটনাত নিহত হয় নীৰজ দাস ওৰফে ক’লা গুণ্ডা। আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়ন চেষ্টা চলাওঁতে পথ দুর্ঘটনাত নিহত হয় অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডা।

পুৱতি নিশা এক পথ দুৰ্ঘটনাত নিহত হয় অনিমেষ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক’লা গুণ্ডা। জানিব পৰা মতে আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীৰ অন্য এখন বাহনে খুন্দা মাৰে নীৰজ দাস ওৰফে ক’লা গুণ্ডাক। আৰক্ষীৰ গাড়ীৰ খুন্দাত গুৰুত্বৰভাৱে আহত নীৰজ দাস ওৰফে ক’লা গুণ্ডা।

আৰক্ষীয়ে আহত নীৰজ দাস ওৰফে ক’লা গুণ্ডাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এই পথ দুর্ঘটনাত আৰক্ষীৰ গাড়ীখনো ক্ষতিগ্ৰস্ত হোৱা লগতে তিনিজনকৈ আৰক্ষীৰ লোক আহত হৈছে। যোৰহাট-মৰিয়নি পথত সংঘটিত হয় এই দুর্ঘটনা।

সোমবাৰে এক সাধাৰণ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি যোৰহাটত অৰ্ধ শতাধিক লোকে তিনিজনকৈ যুৱকৰ ওপৰত নৃশংসভৱে গণ প্ৰহাৰ চলাইছিল। এই গণ প্ৰহাৰত নিহত হৈছিল অনিমেষ ভূঞা নামৰ যুৱকজন। আনহাতে গুৰুত্বৰভাৱে আহত হয় অনিমেষ ভূঞাৰ লগত থকা দুই যুৱক।

এই গণ প্ৰহাৰৰ ঘটনা নীৰজ দাস ওৰফে ক’লা গুণ্ডাৰ নেতৃত্বত চলাইছিল। আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই নীৰজ দাস ওৰফে ক’লা গুণ্ডাসহ মুঠ ১৩ জনক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে নীৰজ দাস ওৰফে ক’লা গুণ্ডা ড্ৰাগছ ব্যৱসায়ৰ লগতো জড়িত। নীৰজ দাস ওৰফে ক’লা গুণ্ডাৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈ আছে।

জানিব পৰা মতে নীৰজ দাস ওৰফে ক’লা গুণ্ডাই আৰক্ষীক ড্ৰাগছৰ এক বৃহৎ ঘটি দেখাই দিয়াৰ কথা আছিল। সেইমতে আৰক্ষীয়ে পুৱতি নিশা নীৰজ দাস ওৰফে ক’লা গুণ্ডাক লগত লৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে নীৰজ দাস ওৰফে ক’লা গুণ্ডা আৰক্ষীৰ গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলাই পথ দুর্ঘটনাত নিহত হয়।