কলগাছিয়া : বিগত পোন্ধৰ দিন ধৰি আন্ধাৰত ডুবি আছে চাৰিখনকৈ গাঁও। পোন্ধৰ দিন ধৰি বিদ্যুৎ সেৱাৰ (Electric Service) পৰা বঞ্চিত চাৰিখনকৈ গাঁৱৰ ৰাইজ। খবৰ নাই বিদ্যুৎ বিভাগৰ। বিদ্যুৎ যোগানৰ দাবীত প্ৰতিবাদত (Protest) বহিল ৰাইজ।

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিগত পোন্ধৰ দিন ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে বৰপেটাৰ চাৰিখনকৈ গাঁও। পোন্ধৰ দিন ধৰি চাৰিখন গাঁও আন্ধাৰত ডুব গৈ থকাত অতিষ্ঠ হৈ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে। বৰপেটা জিলাৰ কলগাছিয়াৰ বলাইপাথাৰ ছলোবজাৰত বিদ্যুৎ যোগানৰ দানীত প্ৰতিবাদ সাব্যস্ত কৰিলে।ৰাইজে।

কলগাছিয়াৰ বলাইপাথাৰ ছলোবজাৰত বিদ্যুৎ যোগানৰ দাবীত উত্তাল প্ৰতিবাদ।সাব্যস্ত কৰে ৰাইজে। উল্লেখ্য যে প্ৰায় পোন্ধৰ দিন ধৰি আন্ধাৰত ডুবি আছে পূব বলাইপাথাৰ, খাৰবাল্লী, কাউৰজাহী আৰু সুতিৰপাথাৰ নামৰ গাঁও চাৰিখন। গাঁও চাৰিখন আন্ধাৰত ডুবি থকাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ লিখা-পঢ়া ব্যহত হৈ পৰিছে। বৰপেটাৰ।সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত উক্ত গাঁও সমূহত বিগত প্ৰায় পোন্ধৰ দিন ধৰি বিদ্যুৎ সেৱা বন্ধ হৈ থকাত নাজল নাথল অৱস্থা হৈ পৰিছে গাঁও।চৰিখনৰ ৰাইজৰ।

বিদ্যুৎ নথকাৰ ফলত আন্ধাৰত ডুব গৈ থকা গাঁও চৰিখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লিখা-পঢ়া ব্যহত হৈ পৰাৰ লগতে ব্যহত হৈ পৰিছে বিদ্যুৎ সেৱাৰ ওপৰত নিৰ্ভৰশীল সকলো কাম কাজ। ছলাৰ বিদ্যুৎ নথকাৰ আৰু কেৰচিন ক্ৰয় কৰিবলৈ দুখীয়া শ্ৰেণীৰ ৰাইজ সক্ষম নোহোৱাৰ ফলত আন্ধাৰতে থাকিব লগা হৈছে ৰাইজ। বিদ্যুৎ যোগানৰ দাবী জনাই বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো কোনো সুফল নাপাই অৱশেষত প্ৰতিবাদত সাব্যস্ত কৰিলে ৰাইজে।

অতি শীঘ্ৰে বিদ্যুৎ যোগান ধৰাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিলে গাঁও চাৰিখনৰ ৰাইজে।উল্লেখযোগ্য যে, যোৱা বানপানীৰ পিছতেই বলাইপাথাৰ ছলোবজাৰৰ কাষতে থকা বেকী নদীৰ গৰাখহনীয়াই বিদ্যুৎ খুঁটা ভাঙি পেলোৱাৰ ফলত বিচ্ছিন্ন হৈ পৰে চাৰিখনকৈ গাঁৱৰ বিদ্যুৎ সেৱা। নতুন খুঁটা পুতি সোনকালে বিদ্যুৎ যোগান ধৰি গাঁও চাৰিখনক আন্ধাৰৰ পৰা মুক্ত কৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনাইছে ৰাইজে।