জোনমণি বেগম
বিশ্বনাথ : অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ (Assam Sankhyalaghu Sangram Parishad) সংবাদ মেল। মাদ্ৰাছা উচ্ছেদ অভিযান চলোৱাকলৈ বিস্ফোৰক মন্তব্য সংগঠনটোৰ। জেহাদীৰ আলম লৈ মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ। জেহাদী ইছলাম ধৰ্মৰ শত্ৰু, জেহাদী সকল কেতিয়াও ধৰ্ম পালন নকৰে।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মৌলানা আহমেদ আলীয়ে সংবাদ মেল যোগে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি জেহাদীৰ আলম লৈ ৰাজ্যৰ মাদ্ৰাছা উচ্ছেদ অভিযান চলাব পাৰে, তেনেহলে অসমৰ উগ্ৰপন্থী সংগঠনৰ কেডাৰ সকলে অধ্যয়ন কৰা কলেজ বিদ্যালয় সমূহ ভাঙি পেলোৱা নাই কিয়? যদি এখন ঘৰত বেয়া মানুহ থাকে, তেনেহলে গোটে ঘৰখনে ভাঙি পেলাব নেকি? ৰাজ্যখনত দেশ বিৰোধী কাম আৰু দেশত অশান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনায় সংগঠনটোৱে।

জেহাদীৰ নামত এই মাদ্ৰাছা উচ্ছেদ চলাই আছে যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকৃত জেহাদী সন্দৰ্ভত কোনো তথ্য প্ৰমাণ দিয়া আমাৰ দৃষ্টি গোচৰ হোৱা নাই বুলি কয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মৌলানা আহমেদ আলীয়ে। জেহাদীৰ নামত কিনো তথ্য প্ৰমান প্ৰদৰ্শন নকৰি কেৱল মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে মন্তব্যহে প্ৰদান কৰিছে যে এজন লোকে নিজকে জেহাদীৰ লগত সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে। সেই কথাত আমি কেনেকৈ বিশ্বাস কৰিম বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

এক শ্ৰেণীৰ লোকক সন্তুষ্ট কৰাৰ বাবে আৰু ভোট বেংকৰ স্বাৰ্থত সংখ্যালঘুৰ ওপৰত বোলডজাৰ চলাই আছে। জেহাদী যদি আছে আমি জেহাদীৰ পক্ষত নাই, যদি উপযুক্ত প্ৰমান আছে আমিও জেহাদীৰ ওপৰত জপিয়াই পৰিম বুলি কয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি গৰাকীয়ে। সংবিধানৰ গণ্ডিত থাকি কাম কৰিবলৈ সংগঠনটোৱে চৰকাৰক আহ্বান জনায়। সংবিধানৰ পৰা আঁতৰি শক্তি প্ৰদৰ্শনৰে কেতিয়াও জয় হ’ব নোৱাৰে আৰু কোনো সমস্যা সমাধান কৰিব নোৱাৰে। যদি অসমৰ পৰা সাম্প্ৰদায়িক বীজ আৰু জেহাদীৰ বীজ আঁতৰাব বিচাৰে। তেনেহলে অসমৰ অভিজ্ঞ আলিম মৌলানাক লৈ এটা দল বনাওক আৰু আমাক সুবিধা দিয়ক অসমৰ পৰা জেহাদীক আঁতৰ কৰিবলৈ বুলিও তেওঁ কয়।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মৌলানা আহমেদ আলীয়ে লগতে কয় যে জেহাদী ইছলাম ধৰ্মৰ শত্ৰু, জেহাদী সকল কেতিয়াও ধৰ্ম পালন নকৰে। সংবাদ মাধ্যমত দেখিছোঁ, ধুবুৰীৰ কোনো স্থানত মুকলিকৈ হাতত অস্ত্ৰ লৈ নিজকে বজৰং দল বুলি কৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। সেই সকল জেহাদী নহয় নেকী? দৰাচলতে ইচ্ছাকৃতভাৱে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলাইছে, ইচ্ছাকৃতভাৱে মাদ্ৰাছাত বুলডজাৰ চলাইছে। ইচ্ছাকৃতভাৱে এনেদৰে ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ চলাই থাকিলে ইয়াৰ।ফলত সৃষ্টি হোৱা আশান্তিৰ বাবে জগৰীয়া হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলিও তেওঁ কয়।