নিউজ ডেস্ক, ৪ মে’, ২০২৪ : এটুপাল পানীৰ বাবে হাহাকাৰ কৰে এখন গাঁবৰ বাসিন্দাই। ১৫ দিনত মাত্ৰ এখন পানীৰ টেংকাৰ আহে গাঁওখনত। পানী ‘পানী নাই, ভোট নাই’ (No Water, No Vote)। ভোট বৰ্জন কৰিলে গাঁওখনৰ বাসিন্দাই। নিৰ্বাচনৰ সময়ত গাঁওখনলৈ ভোট ভিক্ষা কৰিবলৈ আহে ৰাজনৈতিক দলৰ নেতা সকল। নিৰ্বাচনৰ পিছত দেখিবলৈ পোৱা নাযায় ভোট ভিক্ষা কৰা নেতা সকলক।

দেশত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ সময়তে তৃষ্ণা নিবাৰণৰ বাবে কঠোৰ সংগ্রাম কৰিব লগীয়া হৈছে এখন গাঁৱৰ বাসিন্ধাই। এটুপাল পানীৰ বাবে গাঁওখনৰ ৰাইজে প্ৰতিদিনে হাহাকাৰ কৰিব লগীয়া হয়। গাঁওখনলৈ পানী যোগান ধৰিবলৈ ১৫ দিনে আহে মাত্ৰ এখন পানীৰ টেংকাৰ। এইবাৰ গাঁওখনৰ ৰাইজৰ মূল নিৰ্বাচনী বিষয়া হৈছে পানী। গাঁওখনৰ বাসিন্দা সকলৰ বাবে পানীৰ ব্যৱস্থা নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওখনৰ বাসিন্দা সকলে।

এই গাঁওখন আছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ সাংলী গাঁৱত এইবাৰ নিৰ্বাচনী বিষয় হৈ পৰিছে পানী। ১৫ দিনত মাত্ৰ এখন পানীৰ টেংকাৰ আহে গাঁওখনলৈ। গাঁওখনৰ ৰাইজ এতিয়া পানীৰ অভাৱত ইমানেই হাহাকাৰ কৰিব লগীয়া হৈছে যে পানী নাই, ভোট নাই বুলি শ্ল’গান দিছে গাঁওখনৰ ৰাইজে। মহাৰাষ্ট্ৰত পানীৰ অভাৱৰ বাবে সাংলী আৰু সতৰা জিলাৰ লোকৰ অৱস্থা শোচনীয় হৈ পৰিছে।

১৫ দিনত মাত্ৰ এখন পানীৰ টেংকাৰহে আহে গাঁওখনলৈ। ইয়াৰ বাবেই এতিয়া গাঁৱৰ ৰাইজে ঘোষণা কৰিছে যে যদি গাঁওখনত পানীৰ ব্যৱস্থা কৰা নহয়, তেন্তে গাঁওখনৰ ৰাইজে ভোট দানৰ পৰা আঁতৰি থাকিব। সাংলী গাঁওখনত পানীৰ ইমানেই অভাৱ যে গাঁওখনত পানীৰ চুৰিও হ’বলৈ আৰম্ভ হৈছে। ইয়াৰ বাবেই কিছুদিন পূৰ্বে সাংলী আৰু সতৰা জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। যাতে পানী চুৰি বন্ধ কৰিব পৰা যায়। পশ্চিম মহাৰাষ্ট্ৰৰ সাংগলী আৰু সতৰা জিলাৰ গাঁৱত পানীৰ সংকট ইমানেই বাঢ়িছে যে ২২ খন গাঁৱত ১৫ দিনত এবাৰহে টেংকাৰেৰে পানী যোগান ধৰা হয়।

পানীৰ অভাৱত ইয়াত কোনো খেতি-বাতি কৰা হোৱা নাই আৰু বিদ্যালয় সমূহত পানী নথকাৰ বাবে ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ যোৱাটো অসম্ভৱ হৈ পৰিছে। স্থানীয় এগৰাকী মহিলাই কয়, “আমি ১৫ দিনৰ মূৰে মূৰে পানী পাওঁ। আমি প্ৰতিদিনে ২০ টকা দি খোৱাপানী পাওঁ। আমি বিয়া হৈ এই গাঁৱলৈ অহাৰ পৰাই নেতাসকলে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ আহে, কিন্তু নিৰ্বাচনৰ পিছত ইয়াত কোনো এজন নেতাক দেখিবলৈ পোৱা নাযায়। এইবাৰ পানীৰ ব্যৱস্থা নকৰিলে আমি ভোটদানৰ পৰা আঁতৰি থাকিম।”