নিউজ ডেস্ক, ১৬ ডিচেম্বৰ, ২০২৩ : যথাযথ অৱস্থাত ৰে’লপথসমূহৰ ৰক্ষণাবেক্ষণ আৰু ৰে’ল যাত্ৰীসকলক এক সুৰক্ষিত আৰু আৰামদায়ক যাত্ৰা প্ৰদান কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেই চলিত বৰ্ষৰ নৱেম্বৰ মাহত কেইবাটাও ট্ৰেক (Railway Track) নৱীকৰণৰ কাম হাতত লয়। নৱেম্বৰ মাহত ২১.২৯ টিকেএম শ্লীপাৰ নৱীকৰণৰ জৰিয়তে এই চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা নৱেম্বৰ লৈ ১২৫.৭৩ টিকেএমৰ সামগ্ৰিক অগ্ৰগতি লাভ কৰা হয়।

ই যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত ২৪.৮৯ শতাংশ অধিক। মাহটোত ২৯.০৫ টিকেএম ৰে’ল নৱীকৰণৰ জৰিয়তে মাহটোলৈকে ২১২.৫ টিকেএমৰ সামগ্ৰিক অগ্ৰগতি কৰা হৈছে। উক্ত মাহটোত ২৫ টা সমতুল্য ছেটৰ টাৰ্ণআউট নৱীকৰণৰ জৰিয়তে সেই মাহলৈকে ১৪২ টা সমতুল্য ছেটৰ সামগ্ৰিক অগ্ৰগতি লাভ কৰা হৈছে। ই যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত ১৬.৩৯ শতাংশ অধিক। ফ্লাশ্ব বাট ৱেল্ডিং পদ্ধতি ব্যৱহাৰ কৰি ২৯৫০ টা ৰেল জয়েন্টৰ ৱেল্ডিং কৰা হৈছে আৰু উক্ত মাহটোত ৰে’লপথত মুঠ ০.৬১ লাখ কিউবিক মিটাৰ বালাষ্ট অন্তৰ্ভূক্ত কৰা হৈছে।

ই যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত ১৪.৬৪ শতাংশ অধিক। তদুপৰি, নৱেম্বৰ, ২০২৩ মাহত ইউএছএফডি (আল্ট্ৰা চনিক ফ্ল ডিটেকচন) যন্ত্ৰৰ দ্বাৰা ১৮৪৩.০৯ কিলোমিটাৰ ট্ৰেক পৰীক্ষণ কৰা হৈছে আৰু উক্ত মাহটোলৈকে ১৩৯৭১.১৭ কিলোমিটাৰৰ সামগ্ৰিক অগ্ৰগতি হৈছে। ফাঁটৰ দৰে ত্ৰুটি চিনাক্ত কৰি সুৰক্ষাৰ ক্ষেত্ৰত সময়মতে ত্ৰুটিপূৰ্ণ ৰেলসমূহ অপসাৰণ কৰিবলৈ ইউএছএফডি কৌশল ব্যৱহাৰ কৰা হয়।

নিয়মীয়া ব্যৱধানত ট্ৰেকৰ তত্বাৱধানৰ ফলত ৰে’লৰ সুগম পৰিচালন হৈ আহিছে আৰু যাত্ৰীসকলৰ বাবে উন্নত ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা হৈছে। ৰে’লপথসমূহৰ বাবে সুৰক্ষা ব্যৱস্থাৰ ওপৰত বৰ্ধিত গুৰুত্ব দিয়াৰ ফলত বৰ্ধিত গতিবেগ আৰু উন্নত ভ্ৰমণ অভিজ্ঞতাৰ সৈতে ৰেল চলাচলো সুৰক্ষিতভাৱে চলিছে।