গুৱাহাটী, ২২ ছেপ্টেম্বৰ, ২০২৩ : দীঘলীপুখুৰীৰ পাৰত (Siksaku) শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ। ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিব নোৱাৰিলে আমাৰ মাটি ঘূৰাই দিয়ক চৰকাৰে বুলি দাবী জনাই উচ্ছেদিতৰ প্ৰতিবাদ। ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত শিলসাঁকো পাৰৰ উচ্ছেদিতই অব্যাহত ৰাখিছে প্ৰতিবাদ।

শুকুৰবাৰে বিয়লি চাৰি বজাত মহানগৰীৰ দীঘলীপুখুৰী পাৰত ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ দাবীত শিলসাকোঁৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ নেতৃত্বত শতাধিক উচ্ছেদিতই মৌন প্রতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। প্রতিবাদী কাৰ্যসূচীত উচ্ছেদিত লোকসকলে বিভিন্ন শ্ল’গান সম্বলিত বেনাৰ পোষ্টাৰ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। থলুৱাৰ ক্ষেত্ৰত গৰম কিয় পুঁজিপতিৰ ক্ষেত্ৰত নৰম; জাতি মাটি ভেটি মানে মামা-মামী মাটি নেকি; মুখ্যমন্ত্ৰীৰ পত্নীলৈ শ শ বিঘা, থলুৱালৈ এক কঠাও নাই কিয়; আমাক পুনৰ সংস্থাপন দিব নোৱাৰিলে আমাৰ ঘৰ ভেটি ঘূৰাই দিয়ক চৰকাৰ বাহাদুৰে, পুঁজিপতিক শ শ বিঘা মাটি দিয়া চৰকাৰে কিয় আমাক একঠা মাটি দিব নোৱাৰে বুলি উল্লেখ কৰা বেনাৰ পোষ্টাৰেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰে উচ্ছেদিত লোকসকলে।

এক প্ৰেছ বিজ্ঞপ্তিত শিলসাঁকো পাৰৰ উচ্ছেদ প্রতিৰোধী ৰাইজৰ নেত্ৰী গায়েত্ৰী বৰি, নেইনা বেগম, ইন্দুমণি বৰা আৰু বুলবুল বৰুৱাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত গুৱাহাটীৰ শিলসাঁকোৰ পাৰত বসবাস কৰা লোকসকলে চৰম প্ৰতাৰণা আৰু অন্যায়ৰ বলি হ’ব লগা হ’ল। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো থলুৱা পৰিয়ালক মাটি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি নিৰ্দয় আৰু নৃশংসভাৱে শিলসাকোঁৰ পাৰত দীৰ্ঘদিন ধৰি স্থায়ীভাৱে বসবাস কৰি থকা থলুৱা লোসকলৰ ঘৰ ভেটি উচ্ছেদ কৰি থান বান কৰি দিলে। সুখ শান্তিৰে বসবাস কৰি থকা লোকসকলৰ বাবে কাল অমানিশা নমাই আনিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে।

জাতি মাটি ভেটিৰ শ্ল’গান দিয়া চৰকাৰৰ দিনত আজি গুৱাহাটীত বসবাস কৰা থলুৱা লোকসকল নিৰাপদ নহয়। বান মুক্ত গুৱাহাটীৰ শ্ল’গান দিয়া চৰকাৰখনৰ দিনত আজি শিলসাঁকোত পানী যোৱাত বাধা দি থকা পুঁজিপতি সকলৰ গগনচুম্বী অট্টালিকাত চৰকাৰী উচ্ছেদ অভিযানে ঢুকি নাপায়। হিম্মত সিংকাৰ আইডিয়েল হিলভিও, বদৰুদ্দিন আজমলৰ পৃথিৱী গ্ৰীন্স, টাটাৰ জিনজাৰ হোটেল, অমিয় কুমাৰ দাস ইনষ্টিটিউট, আই চি এম আদি প্ৰতিষ্ঠানত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰে ঢুকি নাপায়। কেৱল ভুমিহীন লোকৰ বাসগৃহ সমূহ ধংশ কৰি কেনেকৈ বানমুক্ত গুৱাহাটী কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে উচ্ছেদিত লোক সকলে।

প্রতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। মৌন প্ৰতিবাদ কাৰ্যসূচীত ভাগ লৈ সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে কয় যে, শিলসাঁকোৰ উচ্ছেদ কেৱল অমানৱীয় আৰু বৰ্বৰেই নহয়, শিলসাঁকোৰ উচ্ছেদ জাতি মাটি ভেটিৰ প্ৰতি ভাবুকি। যিখন চৰকাৰে জাতি মাটি ভেটি সুৰক্ষাৰ কথা কয়, ভুমিহীনক মাটিৰ পট্টা হাতত তুলি দিয়াৰ কথা কয়, সেই চৰকাৰৰ দিনত আজি অসমৰ থলুৱা খিলঞ্জীয়া লোকসকল নিৰাপত্তাহীনতাত ভুগিব লগা হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। যি সময়ত আজি মুখ্যমন্ত্ৰীৰ পত্নীয়ে চিলিং আইন উলংঘা কৰি শ শ বিঘা মাটি ল’ব পাৰে সেই একেটা সময়তে অসমৰ থলুৱা পৰিয়ালে এক কঠা মাটি নাপায়। থলুৱা লোকক নিজ ভূমিৰ পৰা অঘৰী কৰি মুখ্যমন্ত্ৰীয়ে জাতি মাটি ভেটি সুৰক্ষা কৰিব খুজিছে নেকি বুলি চৰকাৰক কঠোৰ সমালোচনা কৰে কৃষক মুক্তিৰ নেতাগৰাকীয়ে। মৌন প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে উচ্ছেদিত লোকসকলে যথোপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী কৰে।