সৰুপেটা, ১৫ ছেপ্টেম্বৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। মাত্ৰ ৪ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কনিষ্ঠ সহায়ক পৰিল জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক গৰাকী। মাত্ৰ ৪ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলী। ভূমি সংক্ৰান্ত কাম কৰি দিয়াৰ বিনিময়ত এজন লোকৰ পৰা ২৫ হাজাৰ টকা দাবী কৰিছিল সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলীয়ে।

সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলীয়ে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই চৌকত আলীক জালত পেলাবলৈ সক্ষম হয়।

সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলীৰ কবলৰ পৰা উৎকোচৰ ৪ হাজাৰ টকাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে সৰুপেটা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলীক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৭০/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।